মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত অব্যাহত আছে। ইতিমধ্যে ১৪জনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আজি পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
সংবাদ মাধ্যমৰ আগত ৰণোজ পেগুৱে কয়, ‘‘তদন্তকাৰী বিষয়াই এতিয়াই কোনো কথা সদৰি কৰা নাই। আৰক্ষীয়ে নিজৰ কাম কৰি আছে। য’ত যি শুধৰণি কৰিবলগা আছে, সেয়া ব্যৱস্থা লোৱা হ’ব। সকলো এতিয়াই ক’ব পৰা হোৱা নাই। আৰক্ষীৰ প্ৰতিবেদন নহালৈকে আগতীয়াকৈ কোনো কথা স্পষ্টকৈ ক’ব পৰা নাযায়।’’
আনহাতে, থানাৰ পৰা কাকত কেনেকৈ যাবলৈ পালে সেয়া তদন্ত কৰা হ’ব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 15, 2023, 10:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।