ৰাজ্যৰ মহাবিদ্যালয়ৰ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক ৭০০০ টকাকৈ দিব ৰাজ্য চৰকাৰে

News18 Assam | News18-Assam
Updated:January 22, 2020, 4:53 PM IST
ৰাজ্যৰ মহাবিদ্যালয়ৰ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক ৭০০০ টকাকৈ দিব ৰাজ্য চৰকাৰে
Source-Google

মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে বৈঠক শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
জ্ঞান দীপিকা আঁচনিৰ অধীনত ৰাজ্যৰ মহাবিদ্যালয়, বিশ্ব বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী নিৱাসৰ আৱাসীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব সাত হাজাৰ টকাকৈ। ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়, বিশ্ব বিদ্যালয়ক সামৰি লৈ এই আঁচনিখনৰ অধীনত প্ৰতিমাহে হোষ্টেলৰ আবাসীলৈ ৭০০ টকা আগবঢ়াব ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।

১০ ফেব্ৰুৱাৰীৰ আগতেই হোষ্টেলৰ ছাত্ৰ ছাত্ৰীক ৭০০০ টকাকৈ একাউন্টত জমা দিয়া হ'ব। ইয়াৰ দ্বাৰা ২০ হাজাৰ ছাত্ৰ ছাত্ৰী উপকৃত হব বুলি জনাইছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পিছত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক আচঁনিখনৰ জৰিয়তে সামৰি লোৱা হ’ব। পাছলৈ ধনৰাশিৰ পৰিমাণ প্ৰতিমাহে ১৪০০ টকালৈ বঢ়াই দিয়াৰ লক্ষ্য শিক্ষা বিভাগৰ।’

বুধবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মহাবিদ্যালয়ৰ অধ্যক্ষ সকলৰ সৈতে এখন বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৈঠকত  বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবাসৰ হোষ্টেল মাছুল ৰেহাইৰ সন্দৰ্ভত কৰা হয় আলোচনা। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে মত বিনিময় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি