শিক্ষাৰ্থীলৈ কিছু সকাহ! ডিজিটেল পাঠদানৰ ব্যৱস্থা শিক্ষা বিভাগৰ

News18 Assam | News18-Assam
Updated:April 11, 2020, 2:06 PM IST
শিক্ষাৰ্থীলৈ কিছু সকাহ! ডিজিটেল পাঠদানৰ ব্যৱস্থা শিক্ষা বিভাগৰ

  • Share this:
দেশত এতিয়া ল’ক ডাউন। ফলত মাৰ্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয় সমূহ। লক ডাউন বৃদ্ধি হলেও বা নহলেও মে মাহ পৰ্যন্ত খোলাৰ সম্ভাৱনা নাই বিদ্যালয়সমূহ। ‍বছৰৰ আৰম্ভণিতে হোৱা  পৰিস্থিতিত এতিয়া সমস্যাত পৰিছে শিক্ষাৰ্থীসকল। চিন্তিত হৈছে অভিভাৱকসকলো।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে  যে, ‘ মাৰ্চ, এপ্ৰিল মাহৰ পাঠ্যক্ৰমৰ পৰা বঞ্চিত হ’ব নেকি ছাত্ৰ ছাত্ৰীসকল?  কেনকৈ শিক্ষাগুৰু সকলে সামৰি ল’ব পাঠ্যক্ৰম?  এনে কিছু আশংকাই দেখা দিয়াৰ সময়তে শিক্ষা বিভাগে আৰম্ভ কৰিছে ডিজিটেল ক্লাছৰ ব্যৱস্থা। ফোন ক’ল, ভিডিঅ’ ক’ল আদিৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ  চেষ্টা কৰিছে শিক্ষা বিভাগে।

যিসকল অভিভাৱকৰ এণ্ড্ৰইড ফোন নাই, তেওঁলোকক ওচৰৰ লোকৰ সৈতে সামৰি লোৱা হৈছে। চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কামৰূপৰ ৪৫ হাজাৰ শিক্ষাৰ্থীক সামৰি লোৱা হৈছে ডিজিটেল ক্লাছৰ জৰিয়তে। পুৱা ৯ বজাৰ পৰা ৩ বজালৈ বিষয় শিক্ষকসকলে পাঠ প্ৰস্তুত কৰি অষ্টমৰ পৰা দশমশ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে পাঠ আপলোড কৰিছে Youtubeত ।

ইয়াৰ উপৰিও চতুৰ্থৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে পাঠ প্ৰস্তুত কৰি নিজ নিজ বিদ্যালয়ৰ শিক্ষকসকলে ফোন, হোৱাটছ এপ অথবা ভিডিও কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰদান কৰিছে শিক্ষা।কামৰূপ মেট্ৰ’ৰ বিদ্যালয় পৰিদৰ্শক বুলি গগৈ ভূঞাই জনোৱা  মতে, এই প্ৰক্ৰিয়াত  ৫০ শতাংশ শিক্ষকক জড়িত কৰোৱা হৈছে।
Published by: Himangshu Bhuyan
First published: April 11, 2020, 2:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading