মুখ্যপৃষ্ঠা »খবৰ »অসম »Education Department Assam: শিক্ষকতাত নিয়োজিত নথকা শিক্ষকে নাপাব দৰমহা উলিওৱাৰ অনুমতি; শিক্ষকতাৰ বাদে আন কোনো কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক

Education Department Assam: শিক্ষকতাত নিয়োজিত নথকা শিক্ষকে নাপাব দৰমহা উলিওৱাৰ অনুমতি; শিক্ষকতাৰ বাদে আন কোনো কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক

শিক্ষা বিভাগৰ সচিবৰ কঠোৰ নিৰ্দেশ 

শিক্ষা বিভাগৰ সচিবৰ কঠোৰ নিৰ্দেশ 

শিক্ষা বিভাগৰ সচিবৰ কঠোৰ নিৰ্দেশ 

  • Share this:
এতিয়াৰে পৰা শিক্ষকক শিক্ষকতাৰ বাদে আন কামত নিয়োগ কৰিব নোৱাৰিব। যিসকলক অন্য কোনো কামত নিয়োগ কৰি ৰখা হৈছে সকলোকে আন দায়িত্বৰ পৰা অব্যাহতি দিবলৈ সকলো শিক্ষা বিষয়াক নিৰ্দেশ দিছে শিক্ষা বিভাগে ৷ এই নিৰ্দেশনা অনুসৰি, ২৫ মাৰ্চৰ পূৰ্বে অন্য কামত থকা সকলো শিক্ষকে নিজ নিজ বিদ্যালয়ত যোগদান কৰিব লাগিব ৷ বিদ্যালয়ত পাঠদান কৰিলেহে নিৰ্দিষ্ট শিক্ষকে দৰমহা পাব বুলিও নিৰ্দেশনা উল্লেখ কৰা হৈছে ৷ লগতে শিক্ষা বিভাগে বিদ্যালয় প্ৰধানক দৰমহাৰ ক্ষেত্ৰত শিক্ষকতাত নিয়োজিত নথকা শিক্ষকৰ ওপৰত ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিছে সচিবক ৷ ইয়াৰ ব্যতিৰেকে শিক্ষা বিভাগ  কঠোৰ হ'ব  বুলিও মেমো নং ই-২৩৮৭৩৬/৩০৯-এ নিৰ্দেশ যোগে স্পষ্ট কৰিছে।

নিৰ্দেশটিত উল্লেখ আছে যে, শিক্ষকৰ প্ৰাথমিক দায়িত্ব হৈছে বিদ্যালয়ত শিক্ষা আৰু জ্ঞান প্ৰদান কৰা। বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু DEEO/BEEOকে ধৰি সকলো কাৰ্যালয়ৰ মুৰব্বীক নিৰ্দেশ দিয়া হৈছে যে যদি কোনো শিক্ষক আন কামত নিয়োজিত হৈ আছে তেনে শিক্ষকক ২৫ মাৰ্চৰ ভিতৰত আজৰি কৰি দিব লাগে ৷ কেৱল আন দায়িত্বৰ পৰা অব্যাহতি দিয়াই নহয় আগন্তুক নতুন শৈক্ষিক অধিবেশনৰ পূৰ্বে অৰ্থাত্‍ ২৫ মাৰ্চৰ ভিতৰত এই শিক্ষকসকলে নিজ নিজ বিদ্যালয়সমূহত উভতি গৈ ৰিপ’ৰ্ট দিব লাগিব। লগতে নিৰ্দেশটোত এই কথাও লিখিছে যে, সকলো বিদ্যালয়ৰ মুৰব্বীয়ে শিক্ষকক দৰমহা উলিওৱাৰ অনুমতি তেতিয়াহে দিব লাগে যেতিয়া শিক্ষকে নিজ বিদ্যালয়ত উপস্থিত থাকে আৰু শ্ৰেণীকোঠা আদিত নিয়মিতভাৱে নিজৰ কৰ্তব্য পালন কৰে ৷ শেষত নিৰ্দেশনাটোত এই নিৰ্দেশ নামানিলে কঠোৰ শাস্তি বিহাৰ কথাও উল্লেখ কৰিছে ৷

উল্লেখনীয় যে, বিভিন্ন সময়ত শিক্ষকক আন কামত নিয়োজিত কৰাৰ ফলত অনিয়মীয়া পাঠদানৰ বাবে ছাত্ৰ-ছাত্ৰী সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷ ৰাজ্যত এনে বহু বিদ্যালয় আছে য'ত শিক্ষকৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয় ৷ আনকি আধাতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সামৰাৰ তথ্যও অসমত উদ্বেগজনক ৷ তেনেস্থলত বিদ্যালয়ৰ শিক্ষকক আন কামত নিয়োগ কৰা কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয় ৷ শিক্ষা বিভাগৰ সচিবৰ এই নিৰ্দেশ নিশ্চয়কৈ শিক্ষাৰ মানদণ্ড কিছু পৰিমাণে উন্নত কৰাত সহায়ক হ’ব।

শেহতীয়া বাতৰি