শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া স্কুলত ছাত্ৰ–ছাত্ৰীৰ খতিয়ান পত্ৰ বাংলা ভাষাত কিয়? প্ৰশ্ন তুলিলে জ্যেষ্ঠ অধিবক্তাই

গোলাঘাটৰ পিছত এইবাৰ লখিমপুৰৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিতৰণ কৰা হৈছে বাংলাভাষাত ছাত্ৰ–ছাত্ৰীৰ খতিয়ান পত্ৰ
গোলাঘাটৰ পিছত এইবাৰ লখিমপুৰৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিতৰণ কৰা হৈছে বাংলাভাষাত ছাত্ৰ–ছাত্ৰীৰ খতিয়ান পত্ৰ
- News18 Assam
- Last Updated: January 2, 2020, 1:02 PM IST
প্ৰথমে গোলাঘাটৰ পিছত এইবাৰ লখিমপুৰৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিতৰণ কৰা হৈছে বাংলাভাষাত ছাত্ৰ–ছাত্ৰীৰ খতিয়ান পত্ৰ। চৰকাৰে বাংলাভাষাত দিয়া খতিয়ান পত্ৰ এতিয়া অসমীয়া ভাষাতে পূৰণ কৰিবলগীয়া হৈছে শিক্ষক শিক্ষয়িত্ৰীয়ে।
Since the Official Language Act is being blatantly violated in Assam with no one being held responsible, time to give constitutional safeguard to the Assamese language. https://t.co/1oQHjJt3jj
— Nilay Dutta (@nilaydutta) January 1, 2020
সমগ্ৰ বিষয় সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে, ‘ৰাজ্যত চৰকাৰী ভাষা আইন অমান্য কৰা হৈছে। এতিয়া অসমীয়া ভাষাক সাংবিধানিক ৰক্ষাকৱচ দিবৰ সময় হ’ল।’