
এম ই এছ নিবাসী ফণী পাঠকৰ পুত্ৰ টি পাঠকে AS-01-DD-6343 নম্বৰৰ ট্ৰাকখনেৰে সামগ্ৰী কঢ়িয়াই লৈ গৈছিল অৰুণাচলৰ টুটিঙলৈ।
এম ই এছ নিবাসী ফণী পাঠকৰ পুত্ৰ টি পাঠকে AS-01-DD-6343 নম্বৰৰ ট্ৰাকখনেৰে সামগ্ৰী কঢ়িয়াই লৈ গৈছিল অৰুণাচলৰ টুটিঙলৈ।
অৰুণাচলত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে অসমৰ এজন গাড়ী চালকক। লিকাবালিৰ এম ই এছত এই ঘটনাক লৈ উত্তেজনা। চিলাপথাৰৰ পৰা অৰুণাচলৰ টুটিঙলৈ সামগ্ৰী কঢ়িয়াই নি থকা অৱস্থাত অসমৰ এজন গাড়ী চালকক অৰুণাচলী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অসম–অৰুণাচল সীমান্তৰ লিকাবালিৰ সমীপৰ এম ই এছত।
এম ই এছ নিবাসী ফণী পাঠকৰ পুত্ৰ টি পাঠকে AS-01-DD-6343 নম্বৰৰ ট্ৰাকখনেৰে সামগ্ৰী কঢ়িয়াই লৈ গৈছিল অৰুণাচলৰ টুটিঙলৈ। বাটতে মটৰ চাইকেলত অহা দুজন অৰুণাচলী যুৱক দুৰ্ঘটনাত পতিত হয় আৰু উক্ত দুৰ্ঘটনাৰ বাবে অসমৰ চালকজনকে জগৰীয়া কৰি বন্দুক উলিয়াই গুলীয়াই হত্যা কৰে চালকজনক। শনিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত সংঘটিত হয় ঘটনাটো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|