অসমৰ মুখ্যমন্ত্ৰীৰ বাল্যবিবাহৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা লোৱাৰ ঘোষণাৰ পিছতেই বৃহস্পতিবাৰৰ নিশাৰ পৰা অসম আৰক্ষীয়ে বাল্য বিবাহ কৰা পুৰুষক গ্ৰেপ্তাৰ কৰাৰ এক অভিযান আৰম্ভ কৰে। এই অভিযানত সমগ্ৰ ৰাজ্যতে বহু লোকক আটক কৰাৰ লগতে কেইবাজনক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান ধুবুৰী আৰক্ষীৰ এই অভিযান অব্যাহত আছে।
ধুবুৰী জিলাৰ মুঠ ১২৬ গৰাকীকৈ বাল্য বিবাহৰ অভিযুক্তক শনিবাৰে আদালতত হাজিৰ কৰোৱা হয়। আদালতে ১১১ জনক জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ১৫ জনক দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।
অভিযুক্ত কেইজনক ধুবুৰী জিলাৰ বিভিন্ন থানা এলেকাৰ। ইয়াৰে ভিতৰত ধুবুৰী থানা এলেকাৰ ২৪ গৰাকী, গৌৰীপুৰ থানা এলেকাৰ ১৭ গৰাকী, গোলকগঞ্জ থানা এলেকাৰ ২৬ গৰাকী, তামাৰহাট থানা এলেকাৰ ৯ গৰাকী, আগমনিৰ থানা এলেকাৰ ৬ গৰাকী।
আনহাতে, বিলাসীপাৰা আৰক্ষী থানা অঞ্চলৰ ৩৩ গৰাকী, সাপটগ্ৰামৰ ২ গৰাকী আৰু চাপৰ থানা এলেকাৰ ৯ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আজি দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজনক আদালতত হাজিৰ কৰোৱা হ’ব।
উল্লেখনীয় যে, বিগত দিনটোত নিশালৈ চলা অভিযানত নতুনকৈ কিমান অভিযুক্তক গ্ৰেপ্তাৰ হ'ল সেই তথ্য এতিয়ালৈকে সদৰী কৰা নাই আৰক্ষীয়ে।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 05, 2023, 15:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।