মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Drive Against Child Marriage | ৫ দিন পূৰ্বে বিয়া হৈছিল, পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশে সংসাৰত লগালে কেণা, স্বামী-স্ত্ৰী দুয়ো হ'ল ৰঙাঘৰৰ আলহী

Assam Drive Against Child Marriage | ৫ দিন পূৰ্বে বিয়া হৈছিল, পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশে সংসাৰত লগালে কেণা, স্বামী-স্ত্ৰী দুয়ো হ'ল ৰঙাঘৰৰ আলহী

ৰাজিবুল ইছলাম নামৰ এজন ১৮ বছৰীয়া যুৱকে ১৫ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে গোপনে বাল্যবিবাহ কৰোৱাৰ অভিযোগত ৰূপহী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

  • Share this:
দৰাৰ বয়স ১৮ বছৰ, কইনাৰ বয়স ১৫ বছৰ। বিয়াৰ বয়স ন'হলেও দুয়ো বহিল বিয়াত। পিছে বিয়াৰ ৫দিন নৌহওঁতেই দুয়ো হ'ল ৰঙাঘৰত আলহী। ঘটনাটো ৰূপহীহাটৰ শিঙিমাৰীৰ।

ৰাজিবুল ইছলাম নামৰ এজন ১৮ বছৰীয়া যুৱকে ১৫ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে গোপনে বাল্যবিবাহ কৰোৱাৰ অভিযোগত ৰূপহী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৯ জানুৱাৰীত বাল্যবিবাহ কৰা স্বামী-স্ত্ৰীক বৃহস্পতিবাৰে নিশা ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত ৰয়ৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে আটক কৰে।

মিছন স্বামীৰ উদ্যোগত ৰূপহীহাটত আৰক্ষীয়ে শতাধিক লোকক সোধা–পোছৰ বাবে আটক কৰিছে। ইয়াৰে ৫জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মিছন স্বামীৰ অধীনত অসমৰ ভিতৰতে ৰূপহীহাট থানাত সৰ্বাধিক লোকক আটক কৰা হৈছে।

শেহতীয়া বাতৰি