সমগ্ৰ ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে লংকাৰ এখন বিবাহৰ অভ্যৰ্থনা স্থলীত উপস্থিত হ'ল আৰক্ষী। আৰক্ষী উপস্থিত হোৱাৰ পিছত লাগি গল হুৱাদুৱা। যিয়ে যেনিয়ে পাৰে দিলে পলাই পত্ৰং।
যোৱা ১২ জানুৱাৰীত অনুষ্ঠিত হোৱা বিবাহখনৰ শুকুৰবাৰে আছিল অভ্যৰ্থনা। লংকাৰ কাকী খ্ৰীং খ্ৰীং গাঁৱত অনুষ্ঠিত হৈছিল গাঁওখনৰে সুমগংল মজুমদাৰৰ বিবাহৰ অভ্যৰ্থনা। কিন্তু হঠাত আৰক্ষী উপস্থিত হোৱাত লাগিল কেণা।
১৭ বছৰীয়া কইনা আনি অনুষ্ঠিত কৰা বিবাহৰ অভ্যৰ্থনা চলি থকাৰ মাজতে হঠাতে উপস্থিত হল চাইল্ড লাইনৰ লগতে আৰক্ষী। পৰিণতিত দৰা সুমগংল মজুমদাৰ পলাই পত্ৰং দিয়াৰ বিপৰীতে খোৱা-বোৱা নহ’ল কোনো অভ্যাগতৰ।
আপ্যায়নৰ বাবে ৰন্ধা মাছে-মঙহে সকলো খাদ্য যেনেকৈ আছিল তেনেদৰেই থাকিল পৰি। পেটৰ ভোক পেটতে ৰ’ল বহুজনৰ। বৰ্তমান কইনাক উদ্ধাৰ কৰি লৈ অনা হৈছে কাকী আৰক্ষী থানালৈ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 04, 2023, 16:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|