মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Drive Against Child Marriage | কোনোবা পলাইছে, কোনোবা লুকাইছে, বাল্য বিবাহৰ সৈতে জড়িত ১৮০০জন আৰক্ষীৰ জালত

Assam Drive Against Child Marriage | কোনোবা পলাইছে, কোনোবা লুকাইছে, বাল্য বিবাহৰ সৈতে জড়িত ১৮০০জন আৰক্ষীৰ জালত

Himanta Biswa Sarma (file Photo)

Child Marriage | প্ৰতিখন জিলাতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিছে বাল্য বিবাহৰ সৈতে জড়িত শ শ লোক।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান (Assam Drive Against Child Marriage)। প্ৰতিখন জিলাতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিছে বাল্য বিবাহৰ (Child Marriage) সৈতে জড়িত শ শ লোক। আজি পুৱা ৮ বজালৈ ১৮০০জন লোক আৰক্ষীৰ জালত পৰিছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ক’ত কিমান জালত পৰিল? (Assam Drive Against Child Marriage)
গুৱাহাটীত বাল্য বিবাহেৰে জড়িত ৫৩জনক আটক। দিছপুৰত ২জনক আটক কৰাৰ বিপৰীতে হাতীগাঁও আৰক্ষীয়ে আটক কৰে ১২জনক। বশিষ্ঠ আৰক্ষীয়ে আটক কৰে ৬জনক। সোণাপুৰ আৰক্ষীৰ জালত ৯জন আৰু ক্ষেত্ৰী আৰক্ষীয়ে আটক কৰে এজনক।

বিশ্বনাথত বাল্য বিবাহত জড়িত ১২৯জনক আটক। বিশ্বনাথ চাৰিআলী আৰক্ষী থানাত ২২জন, চতিয়াত ২২, জিনজিয়া আৰক্ষী থানাত ২০জন, বিহালীত ২৫, হেলেম আৰক্ষী থানাত ৪জন আৰু গহপুৰ আৰক্ষী থানাত আটক ৩২জনক।

আৰু পঢ়ক : বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান, ধুবুৰীত জালত ১২৮জন

ৰূপহীহাট আৰক্ষীয়ে জব্দ কৰিলে কেৰালা অভিমুখী এখন ট্ৰেভেলাৰ। সোধা–পোছাৰ বাবে আটক বাহনখনত থকা ৫৮জন লোকক। আটক হোৱাৰ ভয়ত এই লোকসকলে বহিঃৰাজ্যলৈ পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে।

আনহাতে, বাল্য বিবাহৰে সৈতে জড়িতৰ অভিযোগত ধুবুৰী জিলাৰ পৰা মুঠ ১২৮জন আটক কৰা হৈছে। ইয়াৰে ধুবুৰীৰ পৰা ২৪জন, ১৭জন গৌৰীপুৰৰ, ৩২জন বিলাসীপাৰাৰ, সাপটগ্ৰামৰ পৰা ৩জন, আগমনিৰ পৰা ৯জন, চাপৰৰ পৰা ৯জন, গোলকগঞ্জৰ পৰা ২৬জন, তামাৰহাটৰ পৰা ৮জনক আটক কৰা হৈছে।

আৰু পঢ়ক : ৫ দিন পূৰ্বে বিয়া হৈছিল, পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশে সংসাৰত লগালে কেণা, স্বামী-স্ত্ৰী দুয়ো হ'ল ৰঙাঘৰৰ আলহী

দক্ষিণ শালমাৰা মানকাচৰৰ পৰা ৩৮জনক আটক কৰিছে আৰক্ষীয়ে। হাজো আৰক্ষীৰ অভিযানত জালত পৰিছে ১২জন। ইয়াৰে চাৰিজন বাল্য বিবাহ কৰা স্বামী, ৪জন পিতৃ, ২ শহুৰ, ২ ভাতৃ। হাজোৰ হিৰাজেনী, একাদী, দ-বৰ্ণি, মিলপাৰা আৰু খোপনিকুছিত অভিযান চলাই আটক কৰিছে এই লোকসকলক।

জাগীৰোডৰ পৰা বাল্য বিবাহ কৰা দুজনক আটক। মাজুলীৰ পৰা ২৩জন নাবালিকা বিয়া পতা লোকক আটক কৰে আৰক্ষীয়ে। মৰিগাঁৱৰ ৬০জনক আটক কৰাৰ বিপৰীতে নগাঁৱৰ পৰা মুঠ ১৩২জনক আটক কৰা হৈছে।

ইফালে, ওদালগুৰিৰ পৰা ৩১জনক আটক কৰা হৈছে। শিৱসাগৰৰ পৰা বাল্য বিবাহৰ সৈতে জড়িতৰ অভিযোগত ১৩জনক আটক। বাল্য বিবাহ সংক্ৰান্তীয় গোচৰত হোজাইত ৯১জনক আটক। আনহাতে, কোকৰাঝাৰত ৮৫, বৰপেটাত ১১০জন, গোৱালপাৰাত ৩০জন, বঙাইগাঁৱত ৮৩জন, চিৰাঙত ৪০জন, গোলাঘাটত ৪জন, উত্তৰ গুৱাহাটীত এজন জালত পৰিছে। দৰঙত বাল্য বিবাহৰে জড়িতৰ অভিযোগত ৩১জনক আটক। ডিব্ৰুগড়ত ৭, কৰিমগঞ্জক ৭৯জনক আটক কৰিছে আৰক্ষীয়ে।

শেহতীয়া বাতৰি