মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Drive Against Child Marriage | বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান, ধুবুৰীত জালত ১২৮জন

Assam Drive Against Child Marriage | বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান, ধুবুৰীত জালত ১২৮জন

নিশা আৰক্ষীয়ে অভিযান চলোৱাত বহু লোকক বিচাৰি নোপোৱা বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ে৷

নিশা আৰক্ষীয়ে অভিযান চলোৱাত বহু লোকক বিচাৰি নোপোৱা বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ে৷

  • Share this:
    মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিশা বাল্য বিবাহৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে চলালে জোৰদাৰ অভিযান৷ জিলাখনৰ বিভিন্ন স্থানত পুৱতিনিশালৈ চলিল বাল্য বিবাহৰ বিৰুদ্ধে অভিযান৷ এতিয়ালৈ ধুবুৰী জিলাত আৰক্ষীয়ে আটক কৰিলে ১২৮ জনক৷ প্ৰথমিক তথ্য অনুসৰি, ধুবুৰী সদৰ থানাত ২৪জন, গৌৰীপূৰত ১৭জন, গোলকগঞ্জত ২৬জন, আগমনিত ৯জন, বিলাসীপাৰাত ৩২জন, চাপৰত ৯জন, তামাৰহাটত ৮জন আৰু সাপটগ্ৰামত আটক হ’ল ৩ জন ব্যক্তি৷

    উল্লেখ্য যে, ইয়াৰে ভালে সংখ্যক বাল্য বিবাহ কৰা লোকৰ আত্মীয়কো আটক কৰিছে আৰক্ষীয়ে৷ প্ৰণিধানযোগ্য যে, মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযানৰ কথা ৰাজহুৱা কৰাৰ পিছতে বহু লোক পলাই যোৱা বুলিও জনা গৈছে৷

    নিশা আৰক্ষীয়ে অভিযান চলোৱাত বহু লোকক বিচাৰি নোপোৱা বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ে৷ সম্প্ৰতি সকলো আটক লোককে থানাই থানাই ৰখা হৈছে৷ জিলাখনত আটকৰ তালিকা আৰু অধিক হোৱাৰ সম্ভাৱনা প্ৰবল৷

    উল্লেখযোগ্য যে জিলাখনৰ সৰ্বাধিক বাল্য বিবাহৰ তালিকাত ক্ৰমে ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা আৰু গোলকগঞ্জ থানা এলাকাত গোচৰ ৰুজু হৈ আছে৷

    শেহতীয়া বাতৰি