কোৰোণা ভাইৰাছক ‘মিছা’ আখ্যা গুৱাহাটীৰ চিকিত্‍সক ডা০ সত্যকাম ফুকনৰ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে-‘তেনেকুৱা ডাক্তৰৰ মই নামেই শুনা নাই’

News18 Assam | News18-Assam
Updated:June 29, 2020, 4:53 PM IST
কোৰোণা ভাইৰাছক ‘মিছা’ আখ্যা গুৱাহাটীৰ চিকিত্‍সক ডা০ সত্যকাম ফুকনৰ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে-‘তেনেকুৱা ডাক্তৰৰ মই নামেই শুনা নাই’
সমগ্ৰ দেশতে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে। গুৱাহাটীতো কোৰোণাই লৈছে ক্ৰমাত্‍ জটিল ৰূপ।

সমগ্ৰ দেশতে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে। গুৱাহাটীতো কোৰোণাই লৈছে ক্ৰমাত্‍ জটিল ৰূপ।

  • Share this:
সমগ্ৰ দেশতে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে। গুৱাহাটীতো কোৰোণাই লৈছে ক্ৰমাত্‍ জটিল ৰূপ। কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেওবাৰে নিশা ১২ বজাৰ পৰা গুৱাহাটীত কঠোৰ ভাবে বলৱত্‍ কৰা হৈছে ল’ক ডাউন। কিন্তু তাৰ মাজতে গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ চিকিত্‍সকৰ বিস্ফোৰক অভিযোগ। কোৰোণা ভাইৰাছক নস্যাত্‍ কৰিলে চিকিত্‍সক ডা০ সত্যাকাম ফুকনে।

একাংশ ৱেব পৰ্টেলত প্ৰকাশ পোৱা তেওঁৰ বক্তব্য এতিয়া সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে। চিকিত্‍সকজনে আনকি কোৰোণাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দুৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা আদিৰ সন্দৰ্ভতো তাচ্ছিল্য সূচক মন্তব্য কৰে। আনকি চিকিত্‍সক ডা০ ফুকনে ল’ক ডাউনক অৰ্থহীন বুলি কোৱাৰ লগতে কোৰোণা ভাইৰাছৰ নামত সাধাৰণ জনতা আৰু অন্য ৰোগত আক্ৰান্তক হাৰাশাস্তি কৰাৰহে অভিযোগ তোলে। ইয়াৰ বিৰুদ্ধে ডা০ ফুকন এতিয়া দাৰস্থ হৈছে চিবিআইৰ।

ডা০ সত্যকাম ফুকনে কোৰোণাকলৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই কয় যে, ‘তেনেকুৱা ডাক্তৰৰ মই নামেই শুনা নাই। যদি কোৰোণা নাই তেনেহ'লে ভাৰতবৰ্ষত প্ৰত্যেক দিনে ইমান মানুহ কিয় মৰিছে, আমেৰিকাত ডেৰ লাখ মানুহ কি বেলেগ কাৰণত মৰিল সেই বিষয়ে গৱেষণা পত্ৰৰে ভালকৈ বুজাই দিয়ক। WHOৰ লগত পাতক। মই চিনিয়ে নোপোৱা মানুহ এজনৰ কথাৰ কি উত্তৰ দিম। তেওঁ মেডিকেলৰ ডাক্তৰ নহয়, মেডিকেল কলেজৰ অধ্যাপক নহয়।"
First published: June 29, 2020, 4:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading