আজি দিল্লীত ঘোষণা কৰা একাদশ দাদাচাহেব ফালকে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুবাই তেওঁৰ তথ্যচিত্ৰ "ব্ৰেকিং দা চাইলেন্স" ৰ বাবে তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।৩০ এপ্ৰিলত দিল্লীত ঘোষণা হোৱা একাদশ দাদাচাহেব ফালকে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুবাই তেওঁৰ তথ্যচিত্ৰ "ব্ৰেকিং দা চাইলেন্স"ৰ বাবে তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই ক্ষেত্ৰত বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় : "খবৰটো পাই মই সুখী হৈছো, কিন্তু চিনাকি-অচিনাকি বহু ব্যক্তিৰ এই কেইদিনত হোৱা অকাল মৃত্যুৰ বাবে মই এই সাফল্যত আনন্দিত হ'ব পৰা নাই। মই এই পুৰস্কাৰটো সেই ব্যক্তিসকলৰ নামত উৎৰ্সগা কৰিব বিচাৰিছো।"
পাঁচগৰাকী মহিলাৰ কাহিনীৰে পাৰ্থজিৎ বৰুৱাৰ "ব্ৰেকিং দা চাইলেন্স" নিৰ্মাণ হৈছে।৭০ দশকৰ শেষৰ ফালে পাঁচ গৰাকী যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল অসমৰ প্ৰথমটো মিউজিক বেণ্ড "সুৰ-সমলয়" । পাঁচগৰাকী নাৰী, ক্ৰমে অঞ্জলি মহন্ত, কবিতা নাথ, শেৱালি লেখাৰু, নাজমা আহমেদ আৰু আৰতি মহন্তৰ সংগ্ৰামৰ কাহিনীৰে ৩০ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখন প্ৰস্তুত কৰি উলিয়াইছে পৰিচালক পাৰ্থজিৎ বৰুৱাই । এই মিউজিকেল বেণ্ডটোৱে "অসম আন্দোলন" ৰ সময়ত সংগীতৰ মাধ্যমেৰে এক বিপ্লৱৰ সূচনা কৰিছিল। নাজমা আহমেদ আছিল ইছলাম সম্প্ৰদায়ৰ। বহু মৌলবাদীৰ পৰা তেওঁ সেই সময়ত ভাবুকি পাইছিল। পাৰ্থজিৎ বৰুৱাই নিমাৰ্ণ কৰা তথ্যচিত্ৰ সমূহ - কিয়াৰচ্ক্যুৰ', ধেমাজী ট্ৰেজিদী, লক্ষ্মী ওৰাং আদিয়ে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক গোষ্ঠী "ফিপ্ৰেচকি"ৰ ভাৰতীয় সদস্য।
Published by: Kokil Sarma
FIRST PUBLISHED : April 30, 2021, 23:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।