কাইলৈ ঘোষণা হ’ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে অনুষ্ঠিত কৰা হৈছিল এই নিযুক্তি পৰীক্ষা। ২৬ হাজাৰ পদৰ বাবে পৰীক্ষাত বহিছিল প্ৰায় ১৪ লাখ প্ৰাৰ্থী।
উল্লেখযোগ্য যে ২১ আগষ্টত চতুৰ্থ বৰ্গৰ আৰু ২৮ আগষ্ট তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত কৰা হৈছিল পৰীক্ষা।
এই পৰীক্ষাক লৈ বিতৰ্কৰো সৃষ্টি হৈছিল। এই পৰীক্ষাকেন্দ্ৰীক নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলিছিল ভিক্টৰ দাস নামৰ এজন লোকে। যাৰ ফলত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল ভিক্টৰ। অৱশ্যে পিছত জামিনত মুক্তি পাইছিল ভিক্টৰ দাসে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|