অসমৰ গছ-লতিকাৰ মাজতে লুকাই আছে নেকি কৰ্কট প্ৰতিৰোধী ঔষধ? এবিধ বিশেষ বনৌষধী ৰসে কঢ়িয়াইছে আশাৰ বতৰা

News18 Assam | News18-Assam
Updated:January 4, 2021, 10:31 PM IST
অসমৰ গছ-লতিকাৰ মাজতে লুকাই আছে নেকি কৰ্কট প্ৰতিৰোধী ঔষধ? এবিধ বিশেষ বনৌষধী ৰসে কঢ়িয়াইছে আশাৰ বতৰা
সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ লাখ লাখ লোকৰ বাবে জীৱনৰ এক অভিশপ্ত অধ্যায় ৰূপে পৰিগণিত হৈ আহিছে কৰ্কট ৰোগ।

সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ লাখ লাখ লোকৰ বাবে জীৱনৰ এক অভিশপ্ত অধ্যায় ৰূপে পৰিগণিত হৈ আহিছে কৰ্কট ৰোগ।

  • Share this:
সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ লাখ লাখ লোকৰ বাবে জীৱনৰ এক অভিশপ্ত অধ্যায় ৰূপে পৰিগণিত হৈ আহিছে কৰ্কট ৰোগ। সাম্প্ৰতিক সময়ত এক ভয়ংকৰ ৰোগৰ নাম হৈছে কৰ্কট। বহু লোকৰ জীৱনলৈ কাল অমানিশা নমাই আনিছে এই ৰোগে। নেচনেল ইনষ্টিটিউট অব কেঞ্চাৰ প্ৰিভেনছন এণ্ড ৰিচাৰ্ছৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ২২ লাখ ৫০ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজি আছে।  ভাৰতত প্ৰতি বছৰে  ১১ লাখ ৫৭ হাজাৰ ২৯৪ গৰাকী নতুন কৰ্কট ৰোগীয়ে পঞ্জীয়ন কৰায়।

২০১৮ চনত ভাৰতত ৭ লাখ ৮৪ হাজাৰ ৮২১ জন কৰ্কট ৰোগীৰ মৃত্যু হৈছিল। চিন্তনীয় বিষয়টো হৈছে যে, আমেৰিকাত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ বিগত তিনিটা দশকত উল্লেখনীয় ভাবে কমি অহাৰ বিপৰীতে ভাৰতত এই হাৰ বৃদ্ধি পাইছে ভয়ংকৰ ভাবে।

বৰ্তমানলৈকে নিৰ্দিষ্ট কোনো ঔষধ নথকা কৰ্কট ৰোগ প্ৰতিৰোধৰ উপায় অসমৰ গছ-লতিকাৰ মাজতে লুকাই আছে নেকি তাক লৈ শেহতীয়াকৈ প্ৰশ্নৰ সৃষ্টি হৈছে। কাৰণ আমাৰ চৌপাশে সিঁচৰতি হৈ থকা একাংশ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা এবিধ বনৌষধী ৰসে কৰ্কটত আক্ৰান্ত লোকসকলক বহু পৰিমাণে সকাহ দিয়া পৰিলক্ষিত হৈছে।

যোৰহাটৰ ৰৰৈয়াৰ বিপিন শইকীয়া নামৰ লোকজনে দীৰ্ঘদিন ধৰি গছ-লতিকাৰ পৰা প্ৰস্তুত কৰা এবিধ বনৌষধি ৰসে কৰ্কট ৰোগত আক্ৰান্ত বহু লোকক সকাহ প্ৰদান কৰি আহিছে । শইকীয়াই জানিবলৈ দিয়া মতে, আমাৰ চৌপাশে উপলব্ধ একাংশ গছ-লতিকাৰ ৰসৰ পৰা বিশেষ ভাৱে প্ৰস্তুত কৰা ৰসে বিভিন্ন কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ আৰোগ্যৰ ক্ষেত্ৰত অতি আশাপ্ৰদ ফলাফল প্ৰদৰ্শন কৰি আহিছে।

চেন্নাই , মুম্বাইকে ধৰি বিভিন্ন ঠাইৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানত চিকিৎসা কৰাৰ পিছত ব্যৰ্থ হোৱা লোকসকলেহে শেষ আশা হিচাপে তেওঁৰ এই বনৌষধি ৰস সেৱন কৰিবলৈ আহে আৰু তাৰে অধিকাংশ ৰোগীয়েই সুফল লাভ কৰিছে বুলি জানিবলৈ দিয়ে বিপিন শইকীয়াই। এই বনৌষধি ৰস সেৱন কৰি আৰোগ্য লাভ কৰা একাংশ লোকে সেই কথা স্বীকাৰো কৰিছে ।

বিপিন শইকীয়াই কয় যে, তেওঁ অতি কষ্টৰে ধন ব্যয় কৰি বিভিন্ন স্থানৰ পৰা এই গছ-লতিকাসমূহ সংগ্ৰহ কৰে। এক লিটাৰ বনৌষধি ৰস প্ৰস্তুত কৰিবলৈ বৃহৎ পৰিমাণৰ গছ-লতিকা তথা অন্যান্য কিছু উপাদানৰ প্ৰয়োজন হয়। শইকীয়াই কয় যে, এই বনৌষধি ৰসে কৰ্কট ৰোগৰ আৰোগ্যৰ ক্ষেত্ৰত কাম কৰেনে নাই সেয়া বৈজ্ঞানিক গৱেষণাৰ পিছতহে নিশ্চিত কৰিব পৰা যাব । কিন্তু এই বনৌষধি ৰসে যে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অভাৱনীয় ভাবে বৃদ্ধি কৰাৰ বিশেষ গুণ আছে সেয়া নিশ্চিত। কাৰণ এই ৰস পান কৰি কেঞ্চাৰত আক্ৰান্ত বহু লোকে এক সুস্থ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল । সেয়েহে এই বনৌষধি ৰসৰ বিজ্ঞানসন্মত পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে শইকীয়া ।

" বৈজ্ঞানিক পদ্ধতিৰে প্ৰমাণ নোহোৱালৈকে এই বনৌষধি ৰসে কেঞ্চাৰ ৰোগৰ ঔষধৰ কাম কৰে বুলি আমি দাবী কৰিব নোৱাৰো। কিন্তু এই বনৌষধি ৰসত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আচৰিত ধৰণে বৃদ্ধি কৰি তোলাৰ বিশেষ গুণ থকাটো নিশ্চিত। বহু লোকে ইয়াৰ প্ৰমাণ পাইছে । কেঞ্চাৰত গুৰুতৰ ভাৱে আক্ৰান্ত বহু লোকে এই বনৌষধি ৰস সেৱন কৰি বহু পৰিমাণে সকাহ লাভ কৰিছে। ", বিপিন শইকীয়াই এনেদৰে কয় ।

শইকীয়াক এই ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বনৌষধি চিকিৎসা আৰু গৱেষণা কেন্দ্ৰ , অসম। এই অনুষ্ঠানটোৱে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা গুৰুত্বপূৰ্ণ বনৌষধিসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰৰ ব্যৱস্থা কৰি আহিছে। অসমৰ হেৰাই যাব ধৰা বনৌষধিসমূহৰ সংৰক্ষণৰ লগতে বনৌষধি চিকিৎসা  আগবঢ়াই অহা লোকসকলক এখন মঞ্চ দিবৰ বাবে ২০১৪ চনৰ পৰাই বনৌষধি চিকিৎসা আৰু গৱেষণা কেন্দ্র, অসমে  চেষ্টা কৰি আহিছে। যাতে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাসমূহ হেৰাই নাযায়।
Published by: Himangshu Bhuyan
First published: January 4, 2021, 10:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি