মুখ্যপৃষ্ঠা » খবৰ

» অসম

»যৌতুকৰ বলি এগৰাকী চাৰি সন্তানৰ মাতৃ। যৌতুকৰ বাবেই অত্যাচাৰ দূৰ্ভগীয়া মাতৃক। পত্নীৰ পৰিয়ালকো আক্ৰমণ। 

যৌতুকৰ বলি এগৰাকী চাৰি সন্তানৰ মাতৃ। যৌতুকৰ বাবেই অত্যাচাৰ দূৰ্ভগীয়া মাতৃক। পত্নীৰ পৰিয়ালকো আক্ৰমণ। 

News18 Assam | News18-Assam
Updated:May 20, 2021, 9:34 AM IST
যৌতুকৰ বলি এগৰাকী চাৰি সন্তানৰ মাতৃ। যৌতুকৰ বাবেই অত্যাচাৰ দূৰ্ভগীয়া মাতৃক। পত্নীৰ পৰিয়ালকো আক্ৰমণ। 
বিয়া পতাৰ ১৮ বছৰ হ'ল আৰু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি নুৰবানুক অত্যাচাৰ আৰম্ভ কৰে আমিনুৰে।

বিয়া পতাৰ ১৮ বছৰ হ'ল আৰু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি নুৰবানুক অত্যাচাৰ আৰম্ভ কৰে আমিনুৰে।

  • Share this:
ভালপাই বিয়া পাতি চাৰি সন্তানৰ পিতৃ হোৱাৰ পিছতো যৌতুকৰ বাবেই পত্নীৰ ওপৰত পতিয়ে চলাইছে অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন। দিছে তালাক দি নতুনকৈ বিয়া পতাৰ ভাবুকি।

এই ঘটনা ধুবুৰীৰ হৰিপুৰ গাঁৱৰ। হাফিজ আমিনুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপন হৈছে যৌতুক বিচাৰি পত্নী নুৰবানু বিবক অত্যাচাৰ কৰাৰ অভিযোগ। বিয়া পতাৰ ১৮ বছৰ হ'ল আৰু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি নুৰবানুক অত্যাচাৰ আৰম্ভ কৰে আমিনুৰে।

কিন্তু শেহতীয়াকৈ নুৰবানুৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ সীমা চেৰাই গৈছিল। উপায় নাপাই কিছুদিন ধৰি পিতৃ গৃহতে আছিল নুৰবানু। স্বামী-স্ত্ৰীৰ মাজত মিমাংসা কৰি দিবলৈ নুৰবানুৰ ককায়েকে ভাৰতীয় মানবাধিকাৰ ৰক্ষা পৰিষদৰ হাতীধূৰা ব্লক কমিটিৰ সহায় বিচাৰে। সেই মৰ্মে ১৮ মে'ত দুয়ো পক্ষৰ সন্মতিত মিমাংসা কৰি দিয়ে।

১৯ মে'ত পৰিষদৰ কৰ্মকৰ্তা আৰু পঞ্চায়ত প্ৰতিনিধি লগত লৈ নুৰবানুক স্বামী গৃহত থ'বলৈ যায়। তেতিয়াই আমিনুৰৰ পৰিয়ালে নুৰবানুৰ পৰা সাত মহীয়া কেচুৱাটিক কাঢ়ি লৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিবলৈ ধৰে। লগত নুৰবানুৰ লগত অহা মোমায়েককো কোবাবলৈ ধৰে। পিছত নুৰবানু বিবিয়ে স্বামী আমিনুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে তামাৰহাট থানাত এখন এজাহাৰ দাখিল কৰে।

ভাৰতীয় মানবাধিকাৰ ৰক্ষা পৰিষদৰ কৰ্মী আতোৱাল ৰহমানে জানিবলৈ দিয়া মতে, যৌতুকৰ বাবে আমিনুৰ ৰহমানে পত্নী নুৰবানুৰ পৰা কেতিয়াবা দুই লাখ বা তিনি লাখ টকা বিচাৰে কেতিয়াবা চাৰি চকীয়া বাহন বিচাৰে।

নুৰবানু বিবি পাঁচটাকৈ সন্তানৰ মাতৃ হৈছে। বৰ্তমান চাৰিটা সন্তান জীৱিত আছে। সাত মহীয়া এটা পুত্ৰ সন্তানো আছে দুৰ্ভগীয়া নুৰবানুৰ।

নুৰবানুৱে অভিযোগ কৰা মতে এতিয়া আকৌ দ্বিতীয় বিবাহৰ বাবে মন মেলিছে স্বামী আমিনুৰ ৰহমানে। ঘৰৰ পৰা খেদি দিবলৈ নুৰবানুৰ ওপৰত সেয়ে অত্যাচাৰৰ মাত্ৰ বাঢ়ি গৈছে।
Published by: Manjumoni Borah
First published: May 20, 2021, 9:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি