ধুবুৰীৰ দিপাংকৰ মজুমদাৰে দুখীয়া লোকক বিচাৰি বিচাৰি দিয়াইছে কোৰোণা ভেকচিন।
ধুবুৰীৰ দিপাংকৰ মজুমদাৰে দুখীয়া লোকক বিচাৰি বিচাৰি দিয়াইছে কোৰোণা ভেকচিন।
ধুবুৰী চহৰত ৪৫ উৰ্ধৰ দিন হাজিৰা কৰা অথবা চাহৰ দোকান, গেলামালৰ দোকানত কাম কৰা লোক অথবা দিন হাজিৰা কৰা লোকৰ সন্ধানত এজন যুৱক ৷ নাম দিপাংকৰ মজুমদাৰ । দিপাংকৰে নিজৰ স্কুটীত কোভিড ভেকচিনৰ সজাগতাৰ বেনাৰ লগাই প্ৰতিদিনে ৰাতিপুৱাৰ পৰা দিনৰ বাৰ বজালৈ ঘূৰি ফুৰে ভেকচিন নোপোৱা লোকৰ সন্ধানত।
দিপাংকৰৰ উদ্দেশ্য এটাই, দিন হাজিৰা কৰা লোক সকলৰ ভেকচিনৰ প্ৰতি থকা অজ্ঞতা দূৰ কৰি কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰা ৷
পেছাত মেডিকেল ছেল্চত কাম কৰা যুৱকজনে কোভিডৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰ পিছৰ পৰাই ভেকচিনৰ প্ৰতি ৰাইজৰ সজাগতা বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।
দিপংকৰে কয়- চহৰখনৰ প্ৰতিজন ব্যক্তিয়ে ভেকচিন ল'লেহে কোৰোণাৰ ভয়াৱহতাৰ পৰা ৰক্ষা পৰিব। তেওঁৰ মতে বহু দুখীয়া পৰিয়ালৰ হাতত এনড্ৰয়ড মোবাইল নাই আৰু দৈনিক দুবেলা দুমুঠি যোগাৰৰ বাবে হাহাকাৰ কৰি থকা লোকে ভেকচিন ল'বলৈ দীঘলীয়া শাৰী পাতিব পৰা নাই। দিপাংকৰৰ মতে , " সকলোৰে কৰ্তব্য এই সকল লোকক চিনাক্ত কৰি তেওঁলোকৰ দ্ৰুত ভেকচিনৰ ব্যৱস্থা কৰাৰ লগতে ভেকচিনৰ প্ৰতি থকা ভয়- শংকা দূৰ কৰা ।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|