உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৩ টকাত দুপৰীয়াৰ এসাঁজ ভাত ! দাইল, আলু পিটিকা আৰু আচাৰেৰে মাত্ৰ ৩ টকাত উদৰ পূৰাই বহুজনে খাইছে দুপৰীয়াৰ ভাতমুঠি...

    ৩ টকাত দুপৰীয়াৰ এসাঁজ ভাত ! দাইল, আলু পিটিকা আৰু আচাৰেৰে মাত্ৰ ৩ টকাত উদৰ পূৰাই বহুজনে খাইছে দুপৰীয়াৰ ভাতমুঠি...

    যি সময়ত নিত্য প্ৰয়োজনীয় বস্তুৰ দাম আকাশলংঘী হৈ সাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে, ঠিক সেই সময়তেই  অসমৰ এখন জিলাত তিনি টকাত দুপৰীয়াৰ এসাঁজ ভাত পোৱা গৈছে।

    • Share this:
    যি সময়ত নিত্য প্ৰয়োজনীয় বস্তুৰ দাম আকাশলংঘী হৈ সাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে, ঠিক সেই সময়তেই  অসমৰ এখন জিলাত তিনি টকাত দুপৰীয়াৰ এসাঁজ ভাত পোৱা গৈছে। হয়, ঠিকেই শুনিছে। মাত্ৰ তিনি টকাত এসাজ ভাত।

    এক অভিনৱ প্ৰয়াস লৈ ধুবুৰীত আন্তৰ্জাতিক সংস্থা কল্পজ্যোতি ফাউণ্ডেশ্যনে, সাৰদা কিচ্চেন নামেৰে এক নতুন পৰিকল্পনা হাতত লৈছে।মাত্ৰ তিনি টকাত দুপৰীয়াৰ এসাঁজ ভাত যোগানৰ ব্যৱস্থা কৰিছে। কেৱল ভাতেই নহয় ভাতৰ লগত দাইল, আলু পিটিকা আৰু আচাৰৰ ব্যৱস্থা কৰিছে তেওঁলোকে আৰু সেই আহাৰ গ্ৰহণ কৰিবলৈ ৰাইজৰ হেতাওপৰা লাগিছে। নিত্য প্ৰয়োজনীয় বস্তুৰ দাম আকাশলংঘী হৈ সাধাৰণ ৰাইজক কোঙা কৰাৰ লগতে একাংশ কৰ্মচাৰী তথা শ্ৰমিকে তেওঁলোকে নিজ পৰিয়াল পোহপাল দিয়া যথেষ্ট কষ্টকৰ হৈ পৰিছে।

    এই পদক্ষেপ কোভিড -১৯ ৰ মহামাৰীৰ ফলত নিয়মীয়া কৰ্মী তথা শ্ৰমিকসকলৰ সংকটৰ কথালৈ লক্ষ্য ৰাখি তিনি মাহৰ বাবে প্ৰতি সপ্তাহৰ মংগলবাৰ আৰু  শুক্ৰবাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সংগঠনটোৰ কৰ্মকৰ্তাই জনাইছে। দৈনিক মজুৰী কৰা লোকসকল, ৰিক্সা চালক, ঠেলা চালক আদি লোকক এই সময়ত সকাহ দিবলৈ আগুৱাই আহিছে সংগঠটোৱে।
    Published by:Kokil Sarma
    First published: