‘বজাৰ কৰিবলৈ খোজকাঢ়ি যাওক’– ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা সকলক সকীয়ালে DGPএ

News18 Assam | News18-Assam
Updated:March 25, 2020, 4:52 PM IST
‘বজাৰ কৰিবলৈ খোজকাঢ়ি যাওক’– ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা সকলক সকীয়ালে DGPএ
ক’ৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ এতিয়া সমগ্ৰ দেশ ল’ক ডাউন কৰা হৈছে। কিন্তু বুধবাৰে ল’ক ডাউনক কেৰেপ নকৰি ঘৰৰ বাহিৰলৈ ওলাই আহিল একাংশ লোক

ক’ৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ এতিয়া সমগ্ৰ দেশ ল’ক ডাউন কৰা হৈছে। কিন্তু বুধবাৰে ল’ক ডাউনক কেৰেপ নকৰি ঘৰৰ বাহিৰলৈ ওলাই আহিল একাংশ লোক

  • Share this:
ক’ৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ এতিয়া সমগ্ৰ দেশ ল’ক ডাউন কৰা হৈছে। কিন্তু বুধবাৰে ল’ক ডাউনক কেৰেপ নকৰি ঘৰৰ বাহিৰলৈ ওলাই আহিল একাংশ লোক। বহু ঠাইত আইন অমান্য কৰি আৰক্ষীৰ প্ৰহাৰৰো সন্মুখীন হ’ল বিভিন্নজন। তাৰ মাজতেই মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল।

সংবাদমেলত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে, ‘ লক ডাউন বাহাল ৰাখিবলৈ আৰক্ষী কঠোৰ হ'বলগীয়া হৈছে। ৰাইজে এই ক্ষেত্ৰত সহযোগিতা কৰক। এই এক্টখন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছে। যদি চৰকাৰে দিয়া আদেশ অমান্য কৰে ১ বছৰ জেল দিব পাৰে।’

সংবাদমেলত ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাসকলকো সকীয়ালে আৰক্ষী সঞ্চালক প্ৰধানে। তেওঁ লগতে কয় যে, ‘ তেওঁলোক কেৱল IT Actএ নহয়, এই আইন মতেও দণ্ডনীয় হ'ব।ৰিলিফ দি থকাৰ সময়তো হকা বাধা কৰিব নোৱাৰিব। নিজৰ বিপদৰ কথা নাভাবি সকলোৱে কাম কৰিছে আৰক্ষী, সাংবাদিক, স্বাস্থ্য কৰ্মী আদিয়ে। সকলোৱে এখন আইকাৰ্ড লৈ ঘুৰিব লাগে, বহুতে মিছা কথা কয়। দৈনিক বজাৰসমূহতো একেলগে বহিব নোৱাৰিব, দূৰত্ব বজাই বহিব লাগিব। গাড়ী লৈ যাতে কোনেও বজাৰ কৰিবলৈ যাব নালাগে।’ খোজ কাঢ়ি বজাৰলৈ যোৱাৰ আহ্বান ডিজিপিৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি