‘নিৰীক্ষণ কৰা হৈছে ছচিয়েল মিডিয়া’- হাজোৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰা সকলক সকীয়নি ডিজিপিৰ

News18 Assam | News18-Assam
Updated:May 25, 2020, 8:20 PM IST
‘নিৰীক্ষণ কৰা হৈছে ছচিয়েল মিডিয়া’- হাজোৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰা সকলক সকীয়নি ডিজিপিৰ
ল’ক ডাউনৰ মাজতে ৰাজ্যত দুটা দিনত সংঘটিত হ’ল দুটা ভয়ংকৰ ঘটনা

ল’ক ডাউনৰ মাজতে ৰাজ্যত দুটা দিনত সংঘটিত হ’ল দুটা ভয়ংকৰ ঘটনা

  • Share this:
ল’ক ডাউনৰ মাজতে ৰাজ্যত দুটা দিনত সংঘটিত হ’ল দুটা ভয়ংকৰ ঘটনা। ২২ মে’ত ডিব্ৰুগড়ৰ চাবুৱাৰ কয়লাবাৰীত দুটা যুৱকৰ দলৰ মাজত হয় প্ৰচণ্ড মাৰপিত।  ঘটনাত পৰাগজ্যোতি নেওগ নামৰ এজন যুৱকৰ মৃত্যু হয়। আনহাতে ২৩ মে’ত সামান্য কথাতে ৰাস্তাত মৰিয়াই মৰিয়াই হত্যা কৰে হাজোৰ সনাতন ডেকা নামৰ এজন পাচলি ব্যৱসায়ীক।

এই সন্দৰ্ভত এতিয়া মুখ খুলিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। মহন্তই কয় যে, ‘হাজোত হোৱা ঘটনা সন্দৰ্ভত দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু ৩ জনৰ নাম সাঙোৰ খাইছে ঘটনাত। কিন্ত তাৰে এজন দোষী নহয়, আন দুজন কৰায়ত্ত কৰা হ’‍ব। আৰক্ষীয়ে চলাই আছে অভিযান।’

মহন্তই লগতে কয় যে, ‘এই ঘটনাক লৈ ছচিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰিছে একাংশই। CIDৰ জৰিয়তে ছচিয়েল মিডিয়া নিৰীক্ষণ কৰি থকা হৈছে। এটা অসমীয়া ৱেব পৰ্টেল (assamese online)য়ে এই ঘটনা সাম্প্ৰদায়িক ৰূপ দিব খুজিছে। ইতিমধ্যে CIDয়ে এই সন্দৰ্ভত ৰুজু কৰিছে গোচৰ।’
First published: May 25, 2020, 5:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading