মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak : প্ৰশ্নকাকত ফাদিলক লৈ DGPৰ ৬ ঘণ্টাজোৰা বৈঠক, এইপৰ্যন্ত কি কি তথ্য পাইছে আৰক্ষীয়ে? কিমান টকাত বিক্ৰী হৈছিল প্ৰশ্নকাকত?

HSLC Paper Leak : প্ৰশ্নকাকত ফাদিলক লৈ DGPৰ ৬ ঘণ্টাজোৰা বৈঠক, এইপৰ্যন্ত কি কি তথ্য পাইছে আৰক্ষীয়ে? কিমান টকাত বিক্ৰী হৈছিল প্ৰশ্নকাকত?

উজনিৰ ৪–৫খন জিলাৰ পৰা প্ৰশ্নকাকত ফাদিলৰ তথ্য লাভ কৰা হৈছিল। DGPয়ে লগে লগে আৰক্ষী অধীক্ষকসকলৰ সৈতেৰে ভিডিঅ’ কনফাৰেঞ্চ কৰে আৰু ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰশ্নকাকতসমূহ ছীল কৰাৰ নিৰ্দেশ দিয়ে।

  • Share this:
প্ৰশ্নকাকত ফাদিলক লৈ বুধবাৰে DGPৰ ৬ঘণ্টাজোৰা বৈঠক (Assam HSLC Paper Leak)। ডিব্ৰুগড়ত উজনিৰ কেইবাজনো আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক DGPৰ (Assam DGP GP SIngh)। ১২ মাৰ্চত প্ৰশ্নকাকত ফাদিলক লৈ আৰক্ষীয়ে পাইছিল তথ্য। ছ’চিয়েল মিডিয়া, সংবাদমাধ্যমৰ জৰিয়তে লাভ কৰিছিল তথ্য। খবৰ পাই ছেবাৰ সৈতে যোগাযোগ কৰে DGPয়ে। ছেবাই প্ৰশ্নকাকতৰ মিল সন্দৰ্ভত জনাইছিল আৰক্ষী সঞ্চালকপ্ৰধানক। DGPয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি CIDত ৰুজু কৰে গোচৰ।

উজনিৰ ৪–৫খন জিলাৰ পৰা প্ৰশ্নকাকত ফাদিলৰ তথ্য লাভ কৰা হৈছিল। DGPয়ে লগে লগে আৰক্ষী অধীক্ষকসকলৰ সৈতেৰে ভিডিঅ’ কনফাৰেঞ্চ কৰে আৰু ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰশ্নকাকতসমূহ ছীল কৰাৰ নিৰ্দেশ দিয়ে। ১৩ মাৰ্চৰ পুৱাৰ ভাগলৈ ছীল কৰা হয় প্ৰশ্নকাকত।

সংবাদ মাধ্যমৰ আগত ডিজিপি জি পি সিঙে কয়, ‘‘বৰ্তমানলৈকে ২৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। আন তিনিজন আটক কৰা হৈছে। ১০০ টকাৰ পৰা ৩ হাজাৰ টকালৈকে ধনৰ লেনদেন হৈছিল প্ৰশ্নকাকতৰ বিনিময়ত। হোৱাটছএপৰ সকলো তথ্য লোৱা হৈছে।’’

ক’ৰ পৰা প্ৰশ্নকাকত ভাইৰেল হৈছিল তাৰ ৫-৬টা তথ্য পাইছো বুলিও কয় জি পি সিঙে। চাৰিটামান ৱালেটৰ জৰিয়তে হৈছিল ই-ট্ৰানজেকচন। ইয়াৰ ভিতৰত গুগল-পে, ফোন-পে, পে’টিএম অন্যতম। অভিযুক্তসকলক আত্মসমৰ্পণৰ আহ্বান জনাইছে DGP জি পি সিঙে।

জি পি সিঙে কয়, ‘‘CIDয়ে আজি জব্দ কৰিব প্ৰশ্নকাকতৰ ছীল। এতিয়াও পলাতক কেইবাজনো মূল অভিযুক্ত। আন প্ৰশ্নকাকত ফাদিলৰো হ’ব তদন্ত। প্ৰশ্নকাকত কেলেংকাৰীত জড়িত সকলো গ্ৰেপ্তাৰ হ’ব। কেলেংকাৰীৰ আন অভিযুক্তক বিচাৰি অভিযান অব্যাহত আছে। কিছু লোকে আৰক্ষীক নিজেই দিছে খবৰ। তেওঁলোকক আটক কৰা নাই, সাক্ষী হিচাপে ৰখা হৈছে।’’

শেহতীয়া বাতৰি