• Home
  • »
  • News
  • »
  • assam
  • »
  • ভিক্টৰ দাসৰ ওপৰত আৰোপিত ধাৰাৰ সৱিশেষ তথ্য বিচাৰি মহানগৰ আৰক্ষীলৈ DGPৰ পত্ৰ

ভিক্টৰ দাসৰ ওপৰত আৰোপিত ধাৰাৰ সৱিশেষ তথ্য বিচাৰি মহানগৰ আৰক্ষীলৈ DGPৰ পত্ৰ

ভিক্টৰে পৰীক্ষা সন্দৰ্ভত লগোৱা অভিযোগৰ বিষয়টোৰ ওপৰত কোনো দৃঢ় প্ৰমাণ দিব নোৱাৰিলে। তেওঁ গোটেই ঘটনাটোৰ ভুল ব্যাখ্যা কৰিছে- ভাস্কৰজ্যোতি মহন্ত।

ভিক্টৰে পৰীক্ষা সন্দৰ্ভত লগোৱা অভিযোগৰ বিষয়টোৰ ওপৰত কোনো দৃঢ় প্ৰমাণ দিব নোৱাৰিলে। তেওঁ গোটেই ঘটনাটোৰ ভুল ব্যাখ্যা কৰিছে- ভাস্কৰজ্যোতি মহন্ত।

ভিক্টৰে পৰীক্ষা সন্দৰ্ভত লগোৱা অভিযোগৰ বিষয়টোৰ ওপৰত কোনো দৃঢ় প্ৰমাণ দিব নোৱাৰিলে। তেওঁ গোটেই ঘটনাটোৰ ভুল ব্যাখ্যা কৰিছে- ভাস্কৰজ্যোতি মহন্ত।

  • Share this:
অসমৰ আৰক্ষী প্ৰধান সঞ্চালক ভাস্কৰজ্যোতি মহন্তই ভিক্টৰ দাসৰ ওপৰত লগোৱা গোচৰৰ উত্তৰ বিচাৰি মহানগৰ আৰক্ষীলৈ এক পত্ৰ প্ৰেৰণ কৰে। জানিব পৰা মতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে শীঘ্ৰেই ভিক্টৰৰ ওপৰত লগোৱা ধাৰাৰ সবিশেষ তথ্য বিচাৰি পত্ৰখন প্ৰেৰণ কৰে। লগতে মহানগৰ আৰক্ষীক নিৰ্দিষ্ট সময়ৰ ভিতৰত পত্ৰৰ উত্তৰ দিব লাগিব বুলিও তেখেতে উল্লেখ কৰিছে।

আৰক্ষী সঞ্চালকপ্ৰধান (ডিজিপি) ভাস্কৰজ্যোতি মহন্তই শনিবাৰে কৈছিল যে ভিক্টৰ দাসে বিষয়টোৰ ওপৰত কাৰ্যকৰী তথ্য প্ৰদান কৰিব পৰা নাই আৰু তথ্যৰ ভুল ব্যাখ্যা কৰিছে। তেখেতে সংবাদ মাধ্যমক কয় যে, ভিক্টৰে পৰীক্ষা সন্দৰ্ভত লগোৱা অভিযোগৰ বিষয়টোৰ ওপৰত কোনো দৃঢ় প্ৰমাণ দিব নোৱাৰিলে। তেওঁ গোটেই ঘটনাটোৰ ভুল ব্যাখ্যা কৰিছে।
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিগত ১০ ছেপ্টেম্বৰত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এইদৰে মন্তব্য কৰিছিল যে, ‘ভিক্টৰ দাসে দিব পৰা নাই সঠিক তথ্য। সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে।'

উল্লেখযোগ্য যে, বিগত ২১ আৰু ২৮ আগষ্টত সমগ্ৰ অসমত অনুষ্ঠিত হোৱা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত বাছনিক লৈ মিছা উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত ৯ ছেপ্তেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছিল।

সামাজিক মাধ্যম টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে কৈছিল যে, মিছা উৰাবাতৰি বিয়পোৱা আৰু চৰকাৰী পদকলৈ বাছনিক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত বিভেদ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বাবে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি