• Home
  • »
  • News
  • »
  • assam
  • »
  • ২২ অক্টোবৰত বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা, বৃহৎ আন্দোলন ঘোষণা অসম দন্ত সেৱা সন্থাৰ

২২ অক্টোবৰত বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা, বৃহৎ আন্দোলন ঘোষণা অসম দন্ত সেৱা সন্থাৰ

সুদীৰ্ঘ  ১২ বছৰে চিকিৎসকসকলৰ পদোন্নতিৰ কামটো শীৰ্ষ আমোলা-বিষয়াৰ গাফিলতিৰ বাবে নোহোৱাৰ অভিযোগ।

সুদীৰ্ঘ  ১২ বছৰে চিকিৎসকসকলৰ পদোন্নতিৰ কামটো শীৰ্ষ আমোলা-বিষয়াৰ গাফিলতিৰ বাবে নোহোৱাৰ অভিযোগ।

সুদীৰ্ঘ  ১২ বছৰে চিকিৎসকসকলৰ পদোন্নতিৰ কামটো শীৰ্ষ আমোলা-বিষয়াৰ গাফিলতিৰ বাবে নোহোৱাৰ অভিযোগ।

  • Share this:

২২ অক্টোবৰত সম্পূৰ্ণৰূপে বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা। ২৬, ২৭, ২৮ অক্টোবৰতো সম্পূৰ্ণ বন্ধ থাকিব এই সেৱা। ইয়াৰ লগতে ১, ২, ৩ নৱেম্বৰতো সম্পূৰ্ণৰূপে বন্ধ থাকিব দন্ত চিকিৎসাৰ OPD সেৱা। অৱশ্যে জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হ'ব প্ৰতিবাদী কাৰ্যসূচীৰ পৰা। পৰৱৰ্তী আন্দোলন কাৰ্যসূচীৰ সিদ্ধান্ত সাধাৰণ সভাত লোৱা হ'ব।


৭টাকৈ দাবী পূৰণ নকৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা আজি গুৱাহাটীৰ আমছাৰ ভৱনত এক সংবাদমেলযোগে ঘোষণা  কৰে  অসম দন্ত সেৱা সন্থাৰ  সভাপতি ডাঃ দিলীপ কুমাৰ শইকীয়াই। সংবাদমেল সম্বোধন কৰি তেওঁ  কয় যে পদোন্নতিৰ ব্যৱস্থাকৰণ কৰা, দন্ত চিকিৎসকৰ পদৰ সংখ্যা বৃদ্ধি কৰা , Time scale কাৰ্যকৰীকৰণ  কৰা,  দন্ত চিকিৎসকৰ পদসমূহ শীঘ্ৰে পূৰণ কৰাকে ধৰি মুঠ সাতটা দাবী সমাধানৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।


ডাঃ দিলীপ কুমাৰ শইকীয়াই কয়- ''পদোন্নতিৰ কাৰণে ২০০৭ পৰা  বহুবাৰ চৰকাৰক স্মাৰক পত্ৰ দি ফল নোপোৱাত  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপোঁ । উচ্চ ন্যায়ালয়ে ২০১০ চনত আমাৰ সপক্ষে ৰায়দান  কৰি দন্ত চিকিৎসকসকলক পদোন্নতিৰ  ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । সেই নিৰ্দেশ পাই চৰকাৰেও পদোন্নতিৰ চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ কৰে। কিন্তু  অতি পৰিতাপৰ কথা যে সুদীৰ্ঘ  ১২ বছৰে চিকিৎসকসকলৰ পদোন্নতিৰ কামটো শীৰ্ষ আমোলা  বিষয়াৰ গাফিলতিৰ বাবে নহ'ল।''


আনহাতে  তেওঁ কয় যে  বৰ্তমান অসম চৰকাৰৰ বিভিন্ন  চিকিৎসালয়ত মঞ্জুৰীপ্ৰাপ্ত  দন্ত চিকিৎসকৰ পদ ১৩০টা। তাৰ বিপৰীতে বৰ্তমান ৮৫গৰাকী দন্ত চিকিৎসক কৰ্মৰত হৈ আছে। বাকী পদবোৰ খালী আছে। আঢ়ৈ লাখ লোকৰ বিপৰীতে বৰ্তমান  এজন দন্ত চিকিৎসক আছে, কিন্তু চৰকাৰী হিচাপ মতে ৫ হাজাৰ জনসংখ্যাৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে। সেয়েহে দন্ত চিকিৎসকৰ পদৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে  খালী পদসমূহ  শীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনায় সংবাদমেলত।

Published by:Gautam Barman
First published: