দেশ মাতৃৰ বাবে শ্বহীদ হ’ল অসমৰ আন এজন বীৰ জোৱান

বিগত বছৰত বিবাহ পাশত আৱদ্ধ হৈছিল বীৰ জোৱান সুনীল কলিতা

news18assam
Updated:June 14, 2019, 7:39 AM IST
দেশ মাতৃৰ বাবে শ্বহীদ হ’ল অসমৰ আন এজন বীৰ জোৱান
বিগত বছৰত বিবাহ পাশত আৱদ্ধ হৈছিল বীৰ জোৱান সুনীল কলিতা
news18assam
Updated: June 14, 2019, 7:39 AM IST
বীৰ জোৱান নিৰোদ শৰ্মাৰ মৃত্যুত এতিয়া স্তব্ধ সমগ্ৰ ৰাজ্যবাসী।সকলোৱে একেমুখে ধিক্কাৰ দিছে সন্ত্ৰাসবাদীৰ ঘৃণনীয় কাম কাজক। তেনে সময়তে অন্য এটা দুঃসংবাদ আহিছে ৰাজ্যলৈ। দেশৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিছে অসমৰ অন্য এজন বীৰ জোৱান সুনীল কলিতাই। ২৮মে’ত ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল অসমৰ বীৰ জোৱান জন।পিছত সংকটজনক অৱস্থাত দিল্লীৰ AIIMSত ভৰ্তি কৰা হৈছিল অসমৰ বীৰ জোৱান জনক। কিন্তু মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা সুনীল কলিতাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে।



ঝাৰখণ্ডৰ চৰাইকিলা জিলাত সংঘটিত হোৱা এই আক্ৰমণত  আহত হৈছিল দেশৰ ১৫জন CRPF জোৱান। আক্ৰমণত অসমৰ সুনীল কলিতাৰ লগতে আহত হৈছিল বকোৰ মিজানুৰ ৰহমান আৰু হোজাইৰ শম্ভূ মালা।



উল্লেখযোগ্য যে মাওবাদীৰ আক্ৰমণত মৃত্যু হোৱা বীৰ জোৱান সুনীল কলিতাৰ ঘৰ ৰঙিয়াৰ ডিমুত। যোৱা মাহত বিবাহ পাশত আৱদ্ধ হোৱা সুনীলৰ মৃত্যুত এতিয়া ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি