মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসমত ২ কোটি পালি ভেকচিন সম্পন্ন, স্বাস্থ্যখণ্ডৰ সকলো কৰ্মীক ধন্যবাদ মন্ত্ৰী কেশৱ মহন্তৰ

অসমত ২ কোটি পালি ভেকচিন সম্পন্ন, স্বাস্থ্যখণ্ডৰ সকলো কৰ্মীক ধন্যবাদ মন্ত্ৰী কেশৱ মহন্তৰ

News18 Assam | News18-Assam
Updated:September 14, 2021, 4:37 PM IST
অসমত ২ কোটি পালি ভেকচিন সম্পন্ন, স্বাস্থ্যখণ্ডৰ সকলো কৰ্মীক ধন্যবাদ মন্ত্ৰী কেশৱ মহন্তৰ
যোৱা ২৮ জুলাইৰ পৰা বৰ্তমানৰ দিনটোলৈ মুঠ ৪৬ দিনত এক কোটি লোকক কোভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে৷

যোৱা ২৮ জুলাইৰ পৰা বৰ্তমানৰ দিনটোলৈ মুঠ ৪৬ দিনত এক কোটি লোকক কোভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে৷

  • News18 Assam
  • Last Updated: September 14, 2021, 4:37 PM IST
  • Share this:
ভাল খবৰ! ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ৷ কোভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত শনিবাৰে সন্ধিয়ালৈকে ২,০০,০২,৬৫৯ পালি কোভিড প্ৰতিষেধক প্ৰদান৷ ভাৰত চৰকাৰৰ ক'উইন এপ (cowin.gov.in)ত শনিবাৰে সন্ধিয়ালৈ পঞ্জীয়ন হোৱা তথ্য অনুসৰি, অসমত ১,৬৩,৩১,৯৮৭ গৰাকী লোকৰ প্ৰথম পালি আৰু ৩৬,৭০,৬৬৯ গৰাকী লোকৰ দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান সম্ভৱ হৈছে।

উল্লেখযোগ্য যে দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো যোৱা ১৬ জানুৱাৰীত কোভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পিছত যোৱা ২৭ জুলাইত ১ কোটি পালি প্ৰতিষেধক প্ৰদানৰ সফলতা অৰ্জন কৰিবলৈ হৈছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে। আনহাতে, যোৱা ২৮ জুলাইৰ পৰা বৰ্তমানৰ দিনটোলৈ মুঠ ৪৬ দিনত এক কোটি লোকক কোভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে৷

এই সফলতাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এএনএম তথা স্বাস্থ্যকৰ্মীসকলক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধন্যবাদ জনাইছে। স্বাস্থ্যমন্ত্ৰী মহন্তই আজি এক বাৰ্তাত উল্লেখ কৰে, 'মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিক-দৰ্শনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক কোভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চলাই থকা কোভিড প্ৰতিষেধক অভিযানে আজি আন এক মহত্বপূৰ্ণ সফলতা লাভ কৰিলে। ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ২ কোটি পালি কোভিড প্ৰতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ৰাজ্যবাসীৰ মাজত কোভিড প্ৰতিষেধক প্ৰদানত মূল ভূমিকা লোৱা প্ৰতিগৰাকী এএনএম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকললৈ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো।’ জিলাসমূহত এই কোভিড প্ৰতিষেধক অভিযান নিয়াৰিকৈ তদাৰক কৰাৰ বাবে জিলা প্ৰশাসনসমূহলৈও ধন্যবাদ জনায়৷

ইফালে, অহা ১৩ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত দৈনিক গড়ে ৪ লাখ গৰাকীকৈ লোকক কোভিড প্ৰতিষেধক প্ৰদানৰ লগতে কেইবাখনো জিলাত ভ্ৰাম্যমান কোভিড প্ৰতিষেধক প্ৰদান ভানৰ জৰিয়তে চুবুৰীয়ে চুবুৰীয়ে গৈ ৰাইজক প্ৰতিষেধক দিয়াৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে অক্টোবৰৰ ১৫ তাৰিখৰ পূৰ্বেই প্ৰথম পালি কোভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিব পৰা যাব বুলিও বিভাগটোৱে আশা কৰিছে।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি