ল’ক ডাউনৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে কৰা শংকা যেন এতিয়া সঁচা প্ৰমাণিত হোৱাৰ দিশে...

News18 Assam | News18-Assam
Updated:July 31, 2020, 11:27 AM IST
ল’ক ডাউনৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে কৰা শংকা যেন এতিয়া সঁচা প্ৰমাণিত হোৱাৰ দিশে...
 ল’ক ডাউনে জুৰুলা কৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে আহি আছে এক নতুন সংকট।

 ল’ক ডাউনে জুৰুলা কৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে আহি আছে এক নতুন সংকট।

  • Share this:
ল’ক ডাউনৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কৰা শংকা যেন এতিয়া সঁচা প্ৰমাণিত হোৱাৰ পথত। ল’ক ডাউনে জুৰুলা কৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে আহি আছে এক নতুন সংকট। ল’ক ডাউনৰ ফলত বহু লোক আৰ্থিক ভাৱে জুৰুলা হোৱাৰ লগতে বহুতে হেৰুৱাইছে জীৱিকাৰ পথ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ল’ক ডাউনৰ পিছতে অপৰাধ জনীত কাৰ্যকলাপ বৃদ্ধি হোৱাৰ আশংকা ব্যক্ত কৰিছিল। এতিয়া দেশত আনলক ৩.০ আৰম্ভ হোৱাৰ সময়। কিন্তু এই সময়ত যেন সঁচা প্ৰমাণিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ভাষ্য।

অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱতো দ্ৰুত গতিত বৃদ্ধি পাইছে অপৰাধজনীত কাৰ্যকলাপ। নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈছে চুৰি ডকাইটিৰ ঘটনা। চহৰখনৰ আমোলাপট্টি, ফৌজদাৰী পট্টি, শান্তিবন, খ্ৰীষ্টানপট্টি, পানীগাঁও চাৰিআলি, পলি ৰোড, লক্ষীনগৰ আদি অঞ্চলত নিতৌ সংঘটিত হৈছে চুৰিকাণ্ড।

আজিৰ পৰা কেইদিনমান পূৰ্বে টাউন ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত পঞ্চানন বৰা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সৰ্বস্ব লুটি নিয়াৰ পিছত মঙলবাৰে নিশা চোৰৰ দলে গৌৰৱ উপাধ্যায় নামৰ এজন লোকৰ ঘৰৰ পৰা এটা মোবাইল ফোন, দুটা লেপটপকে ধৰি বহু সোণ-ৰূপৰ অলংকাৰ আৰু নগদ ধন লুটি নিয়ে। অৱশ্যে হয়বৰগাঁও টাউন আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই ছাদ্দাম হুছেইন আৰু মইনুল হক নামৰ দুটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে গৌৰৱ উপাধ্যায়ৰ ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰীৰ সন্ধান লাভ কৰে।

জাবৰ পেলোৱা ডাষ্টবিনৰ কাষত চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে ছাদ্দাম হুছেইন আৰু মইনুল হকক এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, ল’ক ডাউনে ক্ষতিগ্ৰস্ত কৰা সৰ্বসাধাৰণ ৰাইজৰ সন্মুখত এনে অপৰাধজনীত কাৰ্যকলাপ সমূহে  ব্যাপক চিন্তাৰ উদ্বেক ঘটাইছে।
Published by: Himangshu Bhuyan
First published: July 31, 2020, 11:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading