• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম ৰঞ্জী দলৰ প্ৰাক্তন অধিনায়ক আবু নেছিমে যোগ দিলে নাগালেণ্ড ক্ৰিকেট দলত

অসম ৰঞ্জী দলৰ প্ৰাক্তন অধিনায়ক আবু নেছিমে যোগ দিলে নাগালেণ্ড ক্ৰিকেট দলত

অসমৰহৈ ২০০তকৈ অধিক মেচ খেলিছে আবু নেছিমে।

অসমৰহৈ ২০০তকৈ অধিক মেচ খেলিছে আবু নেছিমে।

অসমৰহৈ ২০০তকৈ অধিক মেচ খেলিছে আবু নেছিমে।

  • Share this:
আগন্তুক ৰঞ্জী ছিজনত চুবুৰীয়া নাগালেণ্ডৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিব অসমৰ তাৰকা ক্ৰিকেটাৰ আবু নেছিম আহমেদে। এই ক্ষেত্ৰত আবু নেছিম আহমেদে ইতিমধ্যে নাগালেণ্ড ক্ৰিকেট সন্থাৰ সৈতে চুক্তি পত্ৰত স্বাক্ষৰ কৰিছে।

প্ৰফেশ্যনেল ক্ৰিকেটাৰ হিচাপে নাগালেণ্ডৰ হৈ ৰঞ্জী ট্ৰফীত খেলিব আবু নেছিমে। অসমৰহৈ টী-২০, এদিনীয়া আৰু চাৰিদিনীয়া তিনিটা ফৰমেটত ২০০ ৰো অধিক মেচ খেলা অসম ৰঞ্জী দলৰ প্ৰাক্তন অধিনায়ক আবু নেছিম আহমেদে শচীন তেণ্ডুলকাৰৰ সৈতে চাৰিবছৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলো খেলিছিল। সেই সময়তেই চেম্পিয়নছ লীগত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্বাধিক উইকেট লাভ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল অসমৰ আবু নেছিম।

পৰৱৰ্তী সময়ত বিৰাট কোহলী নেতৃত্বাধীন RCBৰ হৈয়ো তিনিবছৰ খেলিছিল আবুয়ে। বিৰাট কোহলী, ঈশান শৰ্মা, ইউ মহেশ, পিযুশ চাওলা, ৰবীন্দ্ৰ জাদেজা, ৰীতেন্দৰ ছোধী, সুৰেশ ৰাইনাৰ সৈতে একেলগে জুনিয়ৰ পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা আবুৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হেট্ৰিক লোৱাৰ লগতে ৰঞ্জী ট্ৰফীতো গোৱাৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰিছিল।

জুনিয়ৰ বিশ্বকাপৰ উপৰিও ৭ বাৰ টীম ইণ্ডিয়াৰ হৈ খেলা অভিজ্ঞ ক্ৰিকেটাৰ আবু নেছিমক পাই সুখী নাগালেণ্ড ক্ৰিকেট সন্থা। অভিজ্ঞ ক্ৰিকেটাৰ গৰাকী সম্প্ৰতি ব্যস্ত আছে কঠোৰ অনুশীলনত।
Published by:Himangshu Bhuyan
First published: