বিজয় হাজাৰেৰ জয়েৰে অভিযান আৰম্ভ কৰিলে অসমে, মণিপুৰক পৰাস্ত কৰিলে ১০ উইকেটত

টচট জয় লাভ কৰি পোনতে ফিল্ডিঙৰ সিদ্ধান্ত লয় অসম দলে।
টচট জয় লাভ কৰি পোনতে ফিল্ডিঙৰ সিদ্ধান্ত লয় অসম দলে।
- News18 Assam
- Last Updated: February 21, 2021, 7:14 PM IST
টচট জয় লাভ কৰি পোনতে ফিল্ডিঙৰ সিদ্ধান্ত লয় অসম দলে। মণিপুৰ দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২৮ অভাৰত ৬ উইকেট হেৰুৱাই ১০৮ ৰান সংগ্ৰহ কৰে। অসমৰ হৈ ৰাজাকুদ্দিন আহমেদে দুটা উইকেট লাভ কৰে।
প্ৰত্যুত্তৰত অসমৰ অপেনাৰদ্বয় পল্লৱ কুমাৰ দাস (৭৫) আৰু দীনেন দাসে (৩৬) সুন্দৰ বেটিঙেৰে অসম দলক মাত্ৰ ১৫.৪ অভাৰতে জয়ৰ লক্ষ্যত উপনীত কৰায়। অসমে পৰৱৰ্তী ২৩ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’ব।