চেন্নাইত উপস্থিত অসম ক্ৰিকেট দল, বিজয় হাজাৰেৰ প্ৰথমখন খেলত আজি মুখামুখি হ’ব মণিপুৰৰ

News18 Assam | News18-Assam
Updated:February 21, 2021, 9:03 AM IST
চেন্নাইত উপস্থিত অসম ক্ৰিকেট দল, বিজয় হাজাৰেৰ প্ৰথমখন খেলত আজি মুখামুখি হ’ব মণিপুৰৰ
অসম দলটো ছিনিয়ৰ আৰু নৱাগত খেলুৱৈৰে গঠন কৰিছে। 

অসম দলটো ছিনিয়ৰ আৰু নৱাগত খেলুৱৈৰে গঠন কৰিছে। 

  • Share this:
বিজয় হাজাৰে ট্ৰফীৰ দেওবাৰৰ প্ৰথমখন খেলত গকুল শৰ্মা নেতৃত্বাধীন অসম দলটোৱে নৱাগত মণিপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। তামিলনাডুৰ ৰাজধানী চহৰ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া এদিনীয়াৰ প্ৰথমখন খেলৰ বাবে সাজু হৈছে গ্ৰীন ব্ৰিগেড। বিচিচিআইৰ সন্মানীয় বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটৰ বাবে অসম ক্ৰিকেট সন্থাই অভিজ্ঞ ক্ৰিকেটাৰ গকুল শৰ্মাক অধিনায়ক হিচাপে লৈ গঠন কৰে ৰাজ্যিক দলটো। অসম দলটো ছিনিয়ৰ আৰু নৱাগত খেলুৱৈৰে গঠন কৰিছে।

আঘাতৰ সমস্যাৰ বাবে এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত অংশ ল’ব নোৱাৰিব অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে। অসম ক্ৰিকেট সন্থাই ঘোষণা কৰা ১৬ জনীয়া দলটোত আছে ক্ৰমে গকুল শৰ্মা(অধিনায়ক), আবু নেছিম আহমেদ, শিৱ শংকৰ ৰয়, পল্লৱ কুমাৰ দাস, স্বৰূপম পুৰকায়স্থ, ডেনিছ দাস, ছাহিল জৈন, ৰাজাকুদ্দিন আহমেদ, কুনাল শইকীয়া (উইকেটকীপাৰ), অভিষেক ঠাকুৰী ( উইকেটকীপাৰ), মুখতাৰ হুছেইন, প্ৰীতম দাস, শোণিত লাচিত, অম্লানজ্যোতি দাস, অভিলাস গগৈ আৰু ৰাহুল সিং।
Published by: Sanjay Kumar Das
First published: February 21, 2021, 9:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি