মুখ্যপৃষ্ঠা » খবৰ

» অসম

»New Covid SOP: হোটেল-ৰেষ্টুৰেণ্ট খুলিব পাৰিবনে? কোন খন জিলাৰ বাবে কি নিয়ম? চৰকাৰে জাৰি কৰিলে নতুন SOP

New Covid SOP: হোটেল-ৰেষ্টুৰেণ্ট খুলিব পাৰিবনে? কোন খন জিলাৰ বাবে কি নিয়ম? চৰকাৰে জাৰি কৰিলে নতুন SOP

News18 Assam | News18-Assam
Updated:August 2, 2021, 6:40 PM IST
New Covid SOP: হোটেল-ৰেষ্টুৰেণ্ট খুলিব পাৰিবনে? কোন খন জিলাৰ বাবে কি নিয়ম? চৰকাৰে জাৰি কৰিলে নতুন SOP
সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP

সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP

  • Share this:
ৰাজ্যত উন্নত হৈছে কোভিড পৰিস্থিতি। প্ৰায় তিনি মাহৰ অন্তত দৈনিক আক্ৰান্তৰ সংখ্যা ১০০০ৰ তলৈ নামিছে। এনে সময়তে ৰাজ্য চৰকাৰেও বহু খিনি শিথিল কৰিছে কোৰোণাৰ বিধি। সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি-

  • সম্পূৰ্ণ সান্ধ্য আইনৰ মাজত নাথাকিব কোনো জিলা।


  • কিন্তু লখিমপুৰ আৰু গোলাঘাটত দিনৰ ২ পৰা পুৱা ৫ বজালৈকে বাহাল থাকিব সান্ধ্য আইন। আন জিলাত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে বলবৎহ'ব সান্ধ্য আইন।

  • সকলো কৰ্মক্ষেত্ৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, হোটেল, ৰিজৰ্ট, ধাবা, শ্বৰুম আদি গোলাঘাট আৰু লখিমপুৰ জিলাত দিনৰ ২ বজালৈকে খুলিব পাৰিব। সেইদৰে আন জিলাত বিয়লি ৪ বজালৈকে খুলিব পাৰিব।

  • গেলামালৰ দোকান, ফল-মূলৰ দোকান, গাখীৰ, পশু খাদ্যৰ দোকান লখিমপুৰ আৰু গোলাঘাটত বিয়লি ৫ বজালৈকে খুলিব পাৰিব।

  • আন্তঃ জিলা যাতায়াত বন্ধ থাকিব।


  • সকলো ধৰণৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা কোৰোণা বিধি পালন কৰি আৰম্ভ কৰিব পাৰিব।

  • বিবাহ, মৃত্যুৰ অন্তিম সত্কাৰত সৰ্বাধিক ১০ জন উপস্থিত থাকিব পাৰিব।

  • ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

  • কাইলৈ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন SOP।

Published by: Himangshu Bhuyan
First published: August 2, 2021, 6:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি