দেশজুৰি আকৌ বাঢ়িছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৪৫ হাজাৰৰ ওপৰত।
দেশজুৰি আকৌ বাঢ়িছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৪৫ হাজাৰৰ ওপৰত।
দেশজুৰি আকৌ বাঢ়িছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৪৫ হাজাৰৰ ওপৰত। যোৱা চাৰিদিন ধৰি কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যাই স্পৰ্শ কৰিছে ৪৫ হাজাৰৰ ঘৰ। কেৰালাত মাত্ৰ এদিনতে ৭০ শতাংশ বৃদ্ধি হৈছে কৰোণাত আক্ৰান্তৰ সংখ্যা। ফলত কেৰালা চৰকাৰে পুনৰ সান্ধ্য আইন জাৰি কৰিছে ৰাজ্যখনত। যোৱা ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৪৬০ গৰাকী ৰোগী।
তাৰ মাজতে ৰাজ্যবাসীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনাইছে সাৱধানবাণী। যিহেতু অহা ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত অধিক শিথিলতা প্ৰদান কৰা হ'ব, চলিব আন্তঃ জিলা বাছসেৱা, খুলিব বিদ্যালয়, মহাবিদ্যালয়। আৰু এনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি কৈছে যে,' ছেপ্তেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা ৰাজ্যত অধিক শিথিলতা জাৰি কৰা হব। অসমলৈ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ব। অসমত বিদ্যালয়, মহাবিদ্যালয়, আন্তঃজিলা বাছ সেৱা মুকলি কৰা হ'ব। কিন্তু আমি যদি কোভিডৰ নিয়ম নীতি মানি নচলো তেন্তে পুনৰ টোটেল লকডাউনৰ ফালে উভতি যাবলগীয়া পৰিবেশ আহি পৰিব। সেয়েহে ছেপ্তেম্বৰৰ মাহৰ পৰা কোভিডৰ শিথিলতা প্ৰদানৰ পিছৰ পৰা ৰাইজে কোভিডৰ নীতি-নিয়ম মানি চলিব লাগিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|