মঙলবাৰে অসমত ৬ সহস্ৰাধিতকৈও অধিক লোক ক'ৰোনাত আক্ৰান্ত, ৮৫ জনৰ মৃত্যু।তেনে পৰিস্থিতিত সংবাদমেল যোগে কাইলৈ দিনত নতুন নীতি-নিৰ্দেশনা প্ৰকাশ কৰা হ'ব বুলি জনায় নৱ নিযুক্ত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
মঙলবাৰে অসমত ৬ সহস্ৰাধিতকৈও অধিক লোক ক'ৰোনাত আক্ৰান্ত, ৮৫ জনৰ মৃত্যু।তেনে পৰিস্থিতিত সংবাদমেল যোগে কাইলৈ দিনত নতুন নীতি-নিৰ্দেশনা প্ৰকাশ কৰা হ'ব বুলি জনায় নৱ নিযুক্ত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মিত্ৰজোঁটৰ দল অগপৰ কেশৱ মহন্তক দিয়া হৈছে স্বাস্থ্য বিভাগৰ গধুৰ দায়িত্ব। আজি মন্ত্ৰীগৰাকীয়ে এই দপ্তৰ লাভ কৰাৰ দিনটোতে অসমত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৬ সহস্ৰাধিকৰ ঘৰ। দিনটোত ৬৮,৫৭২ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰে আক্ৰান্ত হৈছে ৬,২৫৮ জন।
তেনে পৰিস্থিতিত সংবাদমেল যোগে কাইলৈ দিনত নতুন নীতি-নিৰ্দেশনা প্ৰকাশ কৰা হ'ব বুলি জনায় নৱ নিযুক্ত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। আজি কেবিনেট বৈঠকতো ক'ভিড সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত লোৱাৰ কথা অৱগত কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
মঙলবাৰে ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ৯.১৩ শতাংশ। আনহাতে যোৱা ২৪ ঘণ্টাত ক'ভিডৰ সৈতে যুঁজত প্ৰাণ হেৰুৱালে ৮৫জনে। দিনটোত সৰ্বাধিক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত। তেনে পৰিস্থিতিত পৰৱৰ্তী সময়ত নতুন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কি ভূমিকা লয় সেয়া হ'ব লক্ষণীয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|