ক্ৰমাত্ কোৰোণা ভাইৰাছে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মঙলবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হ'ল ১,৬৫১জন লোক। ইয়াৰে ৭৪২গৰাকী ৰোগী কেৱল গুৱাহাটী মহানগৰীৰে। কোৰোণাৰ এই ভয়াৱহ ৰূপে এতিয়া চিন্তিত কৰি তুলিছে সকলোকে। ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত সাজু কৰি তোলা হৈছে কোৰোণা ৰোগীৰ বাবে হাস্পতাল।
কেৱল গুৱাহাটী মহানগৰীতে নহয়, ক্ৰমান্বৰে ডিব্ৰুগড়, হোজাই, নগাঁৱতো কোৰোণাৰ দ্ৰুত সংক্ৰমণ হৈছে। মঙলবাৰৰ দিনটোত ৰাজ্যত সম্পন্ন হোৱা ৬৭,১৫১টা কোৰোণা পৰীক্ষাৰ ভিতৰত ১,৬৫১গৰাকীৰ লোকৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি। ৰাজ্যত কোৰোণাৰ পজিটিভিটি হাৰ ২.৪৬ শতাংশ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 20, 2021, 21:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|