
তেজ পৰীক্ষাত ওলাল নিগেটিভ ৰিপৰ্ট
তেজ পৰীক্ষাত ওলাল নিগেটিভ ৰিপৰ্ট
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। কালিৰ দিনৰ ভাগলৈকে শূণ্যৰ ঘৰত থকা অসমতো ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। এই পৰ্যন্ত অসমৰ ৫ জন ৰোগী আক্ৰান্ত হৈছে ক’ভিড ১৯ত। বুধবাৰে সংবাদমেল যোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰলৈকে অসমত ক’ৰোণাত আক্ৰান্তৰ সংখ্যাই ডাবল ডিজিট পাৰ কৰিব বুলি শংকা ব্যক্ত কৰিছে।
তাৰ মাজতে আহিছে এটা ভাল খবৰ। নিজামুদ্দিনলৈ যোৱা শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ৪১ জনৰ দেহত নাই ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। ইতিমধ্যে তেজ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে এই তথ্য। এই কথা সদৰী কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা০ ইন্দ্ৰ চুতীয়াই। তেজ পৰীক্ষা কৰাসকলৰ ভিতৰত ডিব্ৰুগড় জিলাৰ ২৭ গৰাকী আৰু শিৱসাগৰ জিলাৰ ১৪ গৰাকী আছিল । আনহতে, তিনিচুকীয়াৰো ১২জনৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু ইয়াৰ ফলাফল কাইলৈ লাহোৱালৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ পৰা আহিব বুলি জানিবলৈ দিছে অধীক্ষকগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|