দিল্লীৰ ‘All India Institute of Medical Science’ৰ ট্ৰ’মা চেণ্টাৰত বুধবাৰে কোৰোণাত আক্ৰান্ত মৃত্যুক সাবটিলে ছানিয়া দেউৰী নামৰ এগৰাকী ৩৬ বছৰীয়া অসমীয়া যুৱতীয়ে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ যুৱতীগৰাকীৰ দেহত ৭ দিন পূৰ্বে দেখা দিছিল কোৰোণাৰ লক্ষণ।
যুৱতীগৰাকীক সেই সময়ছোৱাত সহায় আগবঢ়োৱা সিংহজিত দেউৰীয়ে জনোৱা মতে, চৰকাৰী হাস্পতালত স্থান নাপাব বুলি ছানীয়া প্ৰথমে ভৰ্তি হ’ল ব্যক্তিগত চিকিৎসালয়ত। দুখন প্ৰাইভেট হাস্পতালে মোটা অংকৰ ধন ল’লে ঠিকেই; কিন্তু নকৰিলে কোৰোণাৰ পৰীক্ষণ। পিছত সিংহজিতৰ সহযোগত সোমবাৰে নিশা AIIMSলৈ স্থানান্তৰ কৰা হয় ছানিয়াক। এইমছতে যুৱতীগৰাকীৰ কোৰোণা পৰীক্ষা কৰা হয় আৰু দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। কিন্তু সেই সময়লৈকে যুৱতীগৰাকীৰ শ্বাসতন্ত্ৰলৈকে বিয়পি পৰে কোৰোণা ভাইৰাছ।
আৰু অৱশেষত বুধবাৰে যুৱতীগৰাকীয়ে মৃত্যুক সাবটি লয়। এতিয়া পৰিয়ালৰ লোকে শৱদেহ অসমলৈ লৈ অনাৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে সিংহজিত্ দেউৰীয়ে।
Published by: Himangshu Bhuyan
First published: June 17, 2020, 21:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|