বৃহস্পতিবাৰে অসমৰ কামৰূপ মহানগৰ জিলাত পূৰ্বতকৈ কিছু আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত জিলাখনত ১১৭৩ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হয়।
বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫৯,৫৯৪ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয়। ইয়াৰে ৫৪৬৮ জনৰ ফলাফল ক'ভিড পজিটিভ আহে। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৯.১৮ শতাংশ। আজিও ৰাজ্যত ৭৫ জন লোকৰ ক'ভিডৰ ফলত মৃত্যু হয়।