• Home
  • »
  • News
  • »
  • assam
  • »
  • নৱেম্বৰত কোৰোণাই সৃষ্টি কৰিব পাৰে অকল্পনীয় পৰিবেশ, শংকা NHMৰ মিচন ডাইৰেক্টৰ

নৱেম্বৰত কোৰোণাই সৃষ্টি কৰিব পাৰে অকল্পনীয় পৰিবেশ, শংকা NHMৰ মিচন ডাইৰেক্টৰ

মহামাৰী কোৰোণাৰ মহাসংহাৰ! অতি জটিল পৰিস্থিতিৰ দিশে ধাৱমান অসম

মহামাৰী কোৰোণাৰ মহাসংহাৰ! অতি জটিল পৰিস্থিতিৰ দিশে ধাৱমান অসম

মহামাৰী কোৰোণাৰ মহাসংহাৰ! অতি জটিল পৰিস্থিতিৰ দিশে ধাৱমান অসম

  • Share this:
মহামাৰী কোৰোণাৰ মহাসংহাৰ! অতি জটিল পৰিস্থিতিৰ দিশে ধাৱমান অসম ৷ 'অক্টোবৰৰ শেষত ৩ লাখ হ'ব আক্ৰান্তৰ সংখ্যা ৷ কোভিড পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকিলে নৱেম্বৰত সৃষ্টি হ'ব পাৰে অকল্পনীয় পৰিৱেশৰ ৷ এই চিন্তা ব্যক্ত কৰিছে NHMৰ মিচন ডাইৰেক্টৰ Dr. Lakshmanan S-এ ৷

কেৱল অসমতে নহয়, দেশৰ অন্যান্য প্ৰান্ততো বাঢ়িছে আক্ৰান্তৰ সংখ্যা। সমান্তৰালকৈ বাঢ়িছে মৃতকৰ সংখ্যাও। বৰ্তমান ৰাজ্যৰ কোৰোণা হাস্পতালসমূহতো অভাৱ ঘটিছে বিচনাৰ। কিন্তু ইয়াৰ পিছতো মানুহ সজাগ নোহোৱাত আক্ষেপ প্ৰকাশ কৰে বিষয়াগৰাকীয়ে।

NHMৰ মিচন ডাইৰেক্টৰ Dr. Lakshmanan S-এ  কয় যে, ‘ NHMৰ ফালৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে যদিও চিৰিয়াছ ৰোগীসকলৰ বাবে চিকিৎসালয়ত বিচনাৰ ঘটিছে অভাৱ ৷ আনকি কোনো কোনো স্থানত চিকিৎসাৰ বাবে যোৱা অন্য ৰোগীসকলো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷’

মিচন ডাইৰেক্টৰগৰাকীয়ে লগতে কয় যে, গুৰুতৰ ভাবে অসুস্থ সকলৰ চিকিত্‍সাৰ ক্ষেত্ৰত কোৰোণাৰ ফলাফল অহালৈ অপেক্ষা কৰিব নালাগে। বিষয়াগৰাকীয়ে সকলোকে কোভিড প্ৰট’কল মানি চলিবলৈও আহ্বান জনায়।
Published by:Himangshu Bhuyan
First published: