உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যত অব্যাহত আছে ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ কাম ! অহা বৰ্ষত ধুবুৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ব ...

    ৰাজ্যত অব্যাহত আছে ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ কাম ! অহা বৰ্ষত ধুবুৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ব ...

    ৰাজ্যত অব্যাহত আছে ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ কাম ৷অহা বৰ্ষত ধুবুৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ব ৷ ৰাজ্যত পুনৰ ৬ খন চুপাৰ স্পেচিয়েলিটী হাস্পতাল ৷ অসম, উত্তৰ পূবকে ধৰি সমগ্ৰ দক্ষিণ পূব এচিয়াৰ স্বাস্থ্য সেৱাৰ কেন্দ্ৰ হিচাপে অসমক গঢ়ি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷ 

    • Share this:

    ৰাজ্যখনত স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়নৰ বাবে অব্যাহত আছে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা ৷ অসমক উত্তৰ পূব আৰু  দক্ষিণ পূব এচিয়াৰ স্বাস্থ্যখণ্ডৰ মুল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়নৰ আঁচনি গ্ৰহন কৰিছে ৷ ইপিনে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী চমুকৈ জাইকাৰ পৰা সহযোগিতা লাভ কৰিছে৷

    আজি বৰপেটাত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰিলে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে গ্ৰহন কৰা বিশেষ ব্যৱস্থাৰ কথা- ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জনোৱামতে, স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী চমুকৈ জাইকাৰ পৰা অসমে লাভ কৰিব ৩, ৮০০ (তিনি হাজাৰ আঠ শ ) কোটি টকা ৷ জাইকাৰ সহযোগত ৰাজ্যত পুনৰ ৬ খন চুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে ৷ বৰপেটা, তেজপুৰ, লখিমপুৰ, যোৰহাট, শিলচৰত নতুনকৈ নিৰ্মাণ হ'ব চুপাৰ স্পেচিয়েলিটী হাস্পতাল ৷ ইতিমধ্যে গুৱাহাটী আৰু ডিব্ৰুগড়ত নিৰ্মাণ হৈছে দুখনকৈ চুপাৰ স্পেচিয়েলিটী হাস্পতাল ৷

    ৰাজ্যত ২৪ খন মেডিকেল কলেজ স্থাপনৰ কাম কাজ চলি থকা বুলি উল্লেখ কৰি অহা বৰ্ষত ধুবুৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ কৰিব বুলিও ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ ৰাজ্যত ২৪ খন মেডিকেল কলেজ সম্পূৰ্ণ হৈ উঠিলে অসমে বছৰি ৩ হাজাৰজন চিকিৎসক লাভ কৰিবলৈ সক্ষম হব বুলিও সদৰী কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
    Published by:Kokil Sarma
    First published: