অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কংগ্ৰেছ দল আঁকোৰগোজ, স্মাৰক পত্ৰৰ প্ৰত্যুত্তৰ নিদিয়ালৈ সাক্ষাৎ নকৰে নিৰ্বাচন আয়োগক। সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ক্ৰমাগত দুটা দিনত দুখন সংবাদ মেল সম্বোধন কৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সম্বোধন কৰা মঙলবাৰৰ সংবাদ মেলত দলৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰৰ লগতে অন্যান্য নেতা উপস্থিত আছিল।
"নিৰ্বাচন আয়োগে অসম ভ্ৰমণ কৰিবনে সেইটো নাজানোতেই আমি ৪ জানুৱাৰীত নতুন দিল্লীত আয়োগক সাক্ষাৎ কৰিছিলোঁ" বুলি কয় ভূপেন কুমাৰ বৰাই। ভূপেন বৰা (Bhupen Bora)ই লগতে জনায়- নিৰ্বাচন আয়োগে কংগ্ৰেছক তিনিবাৰ নিমন্ত্ৰণ দিছে, তাৰ বাবে তেওঁলোকে ধন্যবাদো দিছে। অৱশ্যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে কংগ্ৰেছক স্মাৰক-পত্ৰৰ প্ৰত্যুত্তৰ নিদিয়া পৰ্যন্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আয়োগৰ শুনানিলৈ নাযায় বুলি কয় সভাপতিগৰাকীয়ে।
ভূপেন বৰাৰ মতে, সমষ্টি পুনৰ নিৰ্ধাৰণ (Constituency Delimitation) সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দুটা বিপৰীত ভাষ্য। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদত জনাইছিল যে অসমৰ চাৰিখন জিলা বিলুপ্তি কৰা সম্পৰ্কত চাৰিটা যুক্তি আছে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) আকৌ কৈছে জাতীয় স্বাৰ্থত চাৰিখন জিলা বিলুপ্তি কৰিলে।
নিৰ্বাচন আয়োগে কংগ্ৰেছক স্মাৰক পত্ৰৰ প্ৰত্যুত্তৰ নিদিয়াত অসম প্ৰদেশ ক্ষোভিত হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত বিৰোধীৰ ১১টা দলে এটা উমৈহতীয়া কাৰ্যসূচী শীঘ্ৰে গ্ৰহণ কৰিব বুলি সংবাদ মেলত কংগ্ৰেছ নেতৃত্বই জানিবলৈ দিয়ে। অসম গণ পৰিষদ দলকো সমালোচনা কৰে কংগ্ৰেছে।
উল্লেখযোগ্য যে শুদ্ধ NRC নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নালাগে বুলি কৈছিল অগপই, এতিয়া তেওঁলোকৰ স্থিতি কি স্পষ্ট কৰক বুলিও ভূপেন বৰাই অগপৰ সভাপতি মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায়। লগতে ভূপেন বৰাই উল্লেখ কৰে যে অসম গণ পৰিষদে ২০০১ৰ চেনছাছ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নালাগে বুলি কৈছিল, শুদ্ধ এন আৰ চি হোৱাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা কৈ এতিয়া পাভলুটি মাৰিলে।
"নিৰ্বাচন আয়োগে (Election Commission) মেচ ফিক্সিং কৰিছে, তেওঁলোকে কি কৰিব সেইটো ইতিমধ্যে সিদ্ধান্ত লৈয়েই গুৱাহাটীলৈ আহিছে" -এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভূপেন কুমাৰ বৰাই। ''গুৱাহাটীত দেশৰ নিৰ্বাচন আয়োগে ছঘণ্টাত ৩ কোটি ৩০ লাখ মানুহৰ কথা শুনিলে, ১২৬টা বিধানসভা সমষ্টি, ১৪টা লোকসভা সমষ্টিৰ ৰাইজৰ কথা শুনিবলৈ সময় হ'ল, ইমান ব্যস্ত নিৰ্বাচন আয়োগ যে চাৰিটা দিনো অসমক দিব নোৱাৰিলে'' বুলি কয় বৰাই। "আমাৰ স্মাৰক পত্ৰৰ প্ৰত্যুত্তৰ দিলে আমি যিকোনো সময়ত সাক্ষাৎ কৰিবলৈ সাজু আছোঁ, প্ৰথমতে উত্তৰ দিয়ক, আমাক বেয়া পাই যদি অসমৰ ৰাইজক দিয়ক" বুলিও ক'লে ভূপেন বৰাই।
Published by: Gautam Barman
FIRST PUBLISHED : March 28, 2023, 16:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।