প্ৰদেশ কংগ্রেছ কমিটীৰ উদ্যোগত ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ল বিশেষ সদস্য ভৰ্তি অভিযান।সোমবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযান ২০২২ চনৰ ৩১ মাৰ্চ পৰ্য্যন্ত চলিব। প্ৰদেশ কংগ্রেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এই অভিযান সোমবাৰে ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ দলীয় সদস্যতাৰ পুনৰ নবীকৰণ কৰি এই সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভণি কৰে।
সদস্য ভৰ্তি অভিযান উন্মোচন কৰি প্ৰদেশ কংগ্রেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে, 'নিৰ্ধাৰিত অহা ৫ মাহৰ ভিতৰত সমগ্ৰ অসমত ৩৩ লাখতকৈ অধিক সদস্য ভাৰতীয় জাতীয় কংগ্রেছ দলত ভৰ্তি কৰোৱা হ'ব।'
প্ৰদেশ কংগ্রেছ কমিটীৰ সম্পাদক, মুখপাত্ৰ তথা এই বিশেষ সদস্য ভৰ্তি অভিযানৰ ৰাজ্যিক সমন্বয়ক পাৰ্থপ্ৰতিম বৰাই আঁত ধৰা কংগ্রেছ দলৰ এই বিশেষ সদস্য ভৰ্তি অভিযানৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰা, প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাং, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰী, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নিজমুদ্দিনৰ লগতে বহু জ্যেষ্ঠ নেতা।