ৰিপুণ বৰাই বৰ্তমানৰ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি তোলা অভিযোগৰ কোনো ভিত্তি নাই। কাৰণ বৰ্তমানৰ সভাপতি ভূপেন বৰাই দলৰ দায়িত্ব লোৱা মাত্ৰ ৫মাহ হে হৈছে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এই মন্তব্য।
ৰিপুণ বৰাই বৰ্তমানৰ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি তোলা অভিযোগৰ কোনো ভিত্তি নাই। কাৰণ বৰ্তমানৰ সভাপতি ভূপেন বৰাই দলৰ দায়িত্ব লোৱা মাত্ৰ ৫মাহ হে হৈছে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এই মন্তব্য।
"ৰিপুণ বৰাই বৰ্তমানৰ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি তোলা অভিযোগৰ কোনো ভিত্তি নাই। কাৰণ বৰ্তমানৰ সভাপতি ভূপেন বৰাই দলৰ দায়িত্ব লোৱা মাত্ৰ ৫মাহ হে হৈছে। কিন্তু ৰিপুণ বৰাই দলৰ সভাপতিৰ দায়িত্বত প্ৰায় ৬বছৰ কাল আছিল আৰু সেই সময়তে কংগ্ৰেছ দলৰ মাজত লবীকেন্দ্ৰিক ৰাজনীতিয়ে দলটোক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল।
"খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে"ৰ দৰে ৰিপুণ বৰাই এতিয়া দলটোৰ প্ৰতি অনা অভিযোগ ভিত্তিহীন।" - নিউজ ১৮ৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই মন্তব্য কৰে। নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে লগতে কয়, "ৰিপুণ বৰাই নিজৰ ৰাজনৈতিক লাভালাভৰ বাবেহে এই সিদ্ধান্ত লৈছে। নেতৃত্বৰ ভুলৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা নাই। কাৰণ তেওঁ দলৰ ভিতৰত যি আভ্যন্তৰীণ ষড়যন্ত্ৰৰ কথা কৈছে সেয়া তেঁওৰ দিনতে কংগ্ৰেছত আটাইতকৈ বেছি হৈছে। তেওঁ সভাপতি হিচাপে সকলোকে সমদৃষ্টিৰে নোচোৱাৰ বাবেই দলটোৰ বহু নেতা-কৰ্মী অসন্তুষ্ট হৈছিল আৰু ইয়াৰ প্ৰভাৱ দলটোৰ সাংগঠনিক দিশতো পৰিছিল। গতিকে ৰিপুণ বৰাই দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পত্ৰত লিখা অভিযোগৰ কোনো ভিত্তি নাই।"
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|