কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। ৰাহুল গান্ধীৰ বিৰুদ্ধে লোৱা এনে ব্যৱস্থাৰ বিৰুদ্ধে দেশৰ সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। বিৰোধী শিবিৰৰ এনে সৱল স্থিতিৰ মাজতে কংগ্ৰেছ জনপ্ৰতিনিধিৰ প্ৰতিবাদত উত্তাল হৈ পৰিল অসম বিধান সভাৰ চৌহদ।
জানিব পৰা মতে, কংগ্ৰেছ জনপ্ৰতিনিধিসকলে আজি কলা সাজ পৰিধান কৰি বিধায়ক আৱাসৰ পৰা এক সমদল উলিয়াই বিধানসভাৰ মুখ্য দুৱাৰত এই প্ৰতিবাদ সাব্যস্ত কৰে। গণতন্ত্ৰ ৰক্ষা তথা বিধানসভাৰ মজিয়াত আলোচনাৰ দাবীতে এই প্ৰতিবাদ কৰা হয়। পিছে, কংগ্ৰেছৰ এই প্ৰতিবাদৰ সমান্তৰালকৈ কংগ্ৰেছৰ এনে কাৰ্য্যসূচীক শাসকপক্ষই ক্ষুৰধাৰ সমালোচনা কৰে। শাসকীয় পক্ষৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কংগ্ৰেছক গান্ধী পৰিয়ালৰ মায়াৰ পৰা ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে গান্ধী পৰিয়াল মানে সৰ্বোচ্চ নহয় বুলি কয়। নহ’লে নুমাই অহা ছাকিটো আৰু নুমাব বুলি মন্তব্য জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে।
আনহাতে, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কংগ্ৰেছৰ এনে কাৰ্যসূচীক দুমুখীয়া স্থিতি আখ্যা দিয়ে। তেওঁ কয় যে, কংগ্ৰেছে এফালে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় আনফালে ন্যায়পালিকাৰ ওপৰত আস্থা নাই৷ তেন্তে কেনেকৈ গণতন্ত্ৰ ৰক্ষা হ’ব বুলি তেওঁ প্ৰশ্ন কৰে। ইপিনে সদনৰ মজিয়াত আলোচনা প্ৰসংগত সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে সদন কংগ্ৰেছৰ মতে নচলে।
কংগ্ৰেছৰ প্ৰতিবাদক প্ৰত্যুত্তৰ দিবলৈ গৈ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কংগ্ৰেছক ‘লাফাংগা’ আখ্যা প্ৰদান কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছৰ হাতত ইচ্চ্যু নাই বাবে এনে ইচ্চ্যুহীন বিষয় এটা ইচ্যু কৰিব বিচাৰিছে। কিন্তু এয়া প্ৰয়োজনহীন এক বিষয় বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 29, 2023, 12:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।