মুখ্যপৃষ্ঠা »খবৰ »অসম »Protests Over Adani : আদানীৰ বিৰুদ্ধে গুৱাহাটীতো কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ, আৰক্ষীয়ে কৰিলে আটক

Protests Over Adani : আদানীৰ বিৰুদ্ধে গুৱাহাটীতো কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ, আৰক্ষীয়ে কৰিলে আটক

APCC Protests over Adani in Guwahati : ''আদানীক ধনী কৰাৰ লক্ষ্যেৰে বিজেপি চৰকাৰে দেশত চৰম বিত্তীয় বিশৃংখলা আৰু বিত্তীয় প্ৰৱঞ্চনা কৰিছে।''-কংগ্ৰেছ

APCC Protests over Adani in Guwahati : ''আদানীক ধনী কৰাৰ লক্ষ্যেৰে বিজেপি চৰকাৰে দেশত চৰম বিত্তীয় বিশৃংখলা আৰু বিত্তীয় প্ৰৱঞ্চনা কৰিছে।''-কংগ্ৰেছ

  • Share this:

আদানীৰ লুণ্ঠনৰ বিৰুদ্ধে গুৱাহাটীতো সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। আদানীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যৱসায়ী বন্ধু আখ্যা দিয়া কংগ্ৰেছে অভিযোগ কৰে যে কেৱল আদানীক ধনী কৰাৰ লক্ষ্যেৰে বিজেপি চৰকাৰে দেশত চৰম বিত্তীয় বিশৃংখলা আৰু বিত্তীয় প্ৰৱঞ্চনা কৰিছে।


ইয়াৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। ইয়াৰ অংশ হিচাপে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটী আৰু কামৰূপ (গ্ৰাম্য) জিলা কংগ্ৰেছ কমিটীৰ যুটীয়া উদ্যোগত গুৱাহাটী মহানগৰতো ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।


সোমবাৰে দিনৰ ১১ বজাত ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এল আই চিৰ ফাঁচীবজাৰস্থিত মাণ্ডলিক কাৰ্যাল‌য়ৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত নেতা-কৰ্মীসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। অৱশ্যে আদানীৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কংগ্ৰেছীসকলক আৰক্ষীয়ে আটক কৰে। প্ৰতিবাদত কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা শিৱামণি বৰা আৰু এপিচিচিৰ উপ-সভাপতি নৱ তালুকদাৰো উপস্থিত আছিল।

শেহতীয়া বাতৰি