SI কেলেংকাৰীৰ তদন্তক লৈ অসন্তুষ্ট কংগ্ৰেছ, DGPকো তদন্তৰ আওতালৈ অনাৰ দাবী

News18 Assam | News18-Assam
Updated:October 16, 2020, 3:57 PM IST
SI কেলেংকাৰীৰ তদন্তক লৈ অসন্তুষ্ট কংগ্ৰেছ, DGPকো তদন্তৰ আওতালৈ অনাৰ দাবী
বিৰোধী কংগ্ৰেছৰ এই দাবীৰ বিপৰীতে BJPৰ বিধায়ক ডাঃ নোমল মমিনে ক'লে- “কংগ্ৰেছৰ মন চোৰ চোৰ৷ চোৰৰ দৰে কথা কৈছে কংগ্ৰেছে৷”

বিৰোধী কংগ্ৰেছৰ এই দাবীৰ বিপৰীতে BJPৰ বিধায়ক ডাঃ নোমল মমিনে ক'লে- “কংগ্ৰেছৰ মন চোৰ চোৰ৷ চোৰৰ দৰে কথা কৈছে কংগ্ৰেছে৷”

  • Share this:
এজন এজনকৈ আৰক্ষী উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত দালালক CID-এ গ্ৰেপ্তাৰ কৰিছে৷ CIDৰ জালত পৰিছে কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ৷ CIDৰ জালত পৰিছে BJPৰ নেতা দিবন ডেকা, পূৰ্বৰ কংগ্ৰেছী নেতা ৰফিকুল ইছলাম আদিকে বহুসংখ্যক লোক৷ কিন্ত CIDৰ তদন্তত সন্তুষ্ট নহয় বিৰোধী কংগ্ৰেছ৷ তদন্তৰ দায়িত্ব কৰ্তব্যৰত ন্যায়াধীশক দিয়াৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই দাবীৰ লগতে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে দাবী কৰিলে - “DGPকো আনক তদন্তৰ আওতালৈ আনিব লাগে৷ অসম আৰক্ষীৰ মূৰব্বীজন যে এই কেলেংকাৰীত জড়িত নাই কোনে ক'ব? তেওঁকো তদন্তৰ আওতালৈ আনক৷ তদন্তৰ আওতালৈ আনিলেই দোষী হৈ নাযায়৷ আৰক্ষীয়ে আৰক্ষীৰ তদন্ত কৰিলে একো ফলাফল নোলায় সেয়া খাটাং৷”

বিৰোধী কংগ্ৰেছৰ এই দাবীৰ বিপৰীতে BJPৰ বিধায়ক ডাঃ নোমল মমিনে ক'লে- “কংগ্ৰেছৰ মন চোৰ চোৰ৷ চোৰৰ দৰে কথা কৈছে কংগ্ৰেছে৷ কংগ্ৰেছৰ দিনত হোৱা কেলেংকাৰীবোৰ গাপ দি ৰাখিছিল৷ আমি কোনো কেলেংকাৰীক প্ৰশ্ৰয় নিদিওঁ আৰু দিয়া নাই৷ কেলেংকাৰী কৰা সকলক আমি আইন মতে শাস্তি দিয়াৰ ব্যৱস্থা কৰিছো৷ আজি কংগ্ৰেছ শাসনত থকা হ'লে এই SI কেলেংকাৰীকো গাপ দি ৰাখিলহেঁতেন৷”

উল্লেখযোগ্য যে ইতিমধ্যে CIDৰ জালত পৰা বহুকেইজন দালালে বহুকেইজন মন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ নাম লোৱা বুলি প্ৰকাশ হৈছে যদিও এই পৰ্যান্ত CIDয়ে কোনো তেনে মন্ত্ৰী বা শীৰ্ষ ৰাজনৈতিক নেতাক জেৰা কৰা নাই৷
Published by: Sanjay Kumar Das
First published: October 16, 2020, 3:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading