চৰ্ত মন্ত্ৰিত্ব! আমন্ত্ৰণ পালেই বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে!

NEWS18ৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয় – যদি দলে টিকট দিয়ে, মন্ত্ৰিত্ব দিয়ে নিশ্চয় যোগদান কৰিম।

News18-Assam
Updated:July 4, 2019, 12:34 PM IST
চৰ্ত মন্ত্ৰিত্ব! আমন্ত্ৰণ পালেই বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে!
NEWS18ৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয় – যদি দলে টিকট দিয়ে, মন্ত্ৰিত্ব দিয়ে নিশ্চয় যোগদান কৰিম।
News18-Assam
Updated: July 4, 2019, 12:34 PM IST
মৰিয়নীৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰিব বিজেপিত! মন্ত্ৰিত্ব দিলে যোগদান কৰিব গেৰুৱা দলটোত। সমৰ্থকৰ হেঁচাত বিজেপিত যোগদান কৰিবলৈ সাজু কুৰ্মী। NEWS18ৰ আগত বিধায়কগৰাকীয়ে কয় – মই তিনিবাৰকৈ বিধায়ক হ’লো। যেতিয়া আমাৰ দলৰ চৰকাৰ আছিল, যথেষ্ট কাম কৰিব পাৰিছিলো। এতিয়া আমাৰ চৰকাৰ নাই। মনটো ক’ৰবাত বেয়া লাগি আছে।

কুৰ্মীয়ে কয় যে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। বিজেপিয়ে বহুখিনি পদক্ষেপ লোৱা দেখা পাইছো। কিন্তু আমাক এই কামত জড়িত কৰা নাই। কংগ্ৰেছ দলৰ বিধায়ক হিচাপে হয়তো আমাক জড়িত কৰা নাই বিজেপিয়ে। আৰু তাৰ বাবে মই ৰাইজক ভালদৰে কাম কৰি দিব পৰা নাই।

তদুপৰি বিধায়কজনে কয় – মোৰ ৰাজনীতিলৈ অহাৰ উদ্দেশ্যই হৈছে মৰিয়নী সমষ্টিৰ উন্নয়ন কৰা, আধৰুৱা কাম কৰা। বহু শুভাকাংক্ষীয়ে মোক বিজেপিত যোগদান কৰাৰ পৰামৰ্শ দিছে। বিজেপিত যোগদান কৰিলে হয়তো মই কিছু কাম কৰিব পাৰিম।

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে পদত্যাগ কৰিছে, মতিলাল ভোৰা সভাপতি হৈছে। তেওঁ কেনেকৈ দলটো পৰিচালনা কৰে তাৰ বাবে অলপ দিন বাট চাব লাগিব বুলিও মন্তব্য কৰে কুৰ্মীয়ে। কুৰ্মীয়ে কয় যে কংগ্ৰেছৰ দলৰ নেতৃত্ব লোৱা লোকসকলে যদি ভাল পৰিকল্পনা নলয়, মইতো ৰাইজৰ সেৱা কৰিবই লাগিব। সেয়েহে ৰাইজৰ যদি বেছি হেঁচা পাওঁ আৰু বিজেপিৰ তৰফৰ পৰা মোক আমন্ত্ৰণ জনোৱা হয়, মোক যদি টিকট দিয়ে, মন্ত্ৰিত্ব দিয়ে নিশ্চয় বিজেপি দললৈ যাম। ২০২১ চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ব বুলিও দাবী কুৰ্মীৰ। কংগ্ৰেছ দলৰ পৰাই হওক বা বিজেপি দলৰ পৰাই হওক, যি দলৰ পৰা নিৰ্বাচন খেলিলেও জয়ী হ’ব বুলি দাবী বিধায়কজনৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি