ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ক্ৰছ ভোটিং কৰি দলক গাড্ডাৰি কৰা কংগ্ৰেছী বিধায়কক চিনাক্ত কৰিবলৈ আহিম বুলিও গুৱাহাটীলৈ নাহিল AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ৷ ইয়াৰ বিপৰীতে নতুন দিল্লীলৈ মাতি পঠিওৱা হৈছে অসমৰ কংগ্ৰেছৰ সকলো বিধায়কক ৷ নতুন দিল্লীতে অসমৰ গাড্ডাৰ কংগ্ৰেছী বিধায়কৰ বিচাৰ কৰিব হেনো অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ৷
২৭ আগষ্টতে দিল্লীলৈ ৰাওনা হ'ব অসমৰ কংগ্ৰেছী বিধায়ক-সাংসদ সকলৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব ৷ ২৮ আগষ্টত AICCয়ে আহ্বান কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত ২৯ আগষ্টত অসমৰ বিধায়ক-সাংসদ সকলক একেলগে বহাই লোৱাৰ কথা জীতেন্দ্ৰ সিঙে ৷
২৯ আগষ্টৰ কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই News18ক ক'লে- “গাড্ডাৰৰ চিনাক্ত কৰাতো আমি বিচাৰিছোঁ ৷ ২৭ আগষ্টত আমি সকলো কংগ্ৰেছৰ বিধায়ক, সাংসদ আৰু দলৰ নেতৃত্ব দিল্লীলৈ যাবলৈ সাজু হৈছোঁ ৷ ২৮ আগষ্টৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত হাইকামাণ্ডৰ সৈতে বিধায়ক-সাংসদ সকলৰ আলোচনা আছে ৷ সেই আলোচনাত যদি গাড্ডাৰৰ সন্দৰ্ভত আলোচনা হয়; আমি ভাল পাম ৷ এই বিষয়ত আনুষ্ঠানিকভাবে একো জনোৱা নাই ৷”
Published by: Kokil Sarma
FIRST PUBLISHED : August 17, 2022, 22:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|