বিধানসভাৰ নিৰ্বাচনত পৰাজয়ৰ পিছত হতাশাত ভুগি আছে কংগ্ৰেছ৷ গুৱাহাটী মহানগৰ জিলা কমিটীৰ সদস্যসকলৰ আহ্বান ক্ৰমে আজি ৰাজীৱ ভৱনত এক আলোচনা অনুষ্ঠিত হয়। এই কথা জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
ৰিপুণ বৰাই কয়, ‘‘গুৱাহাটীৰ চাৰিটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে আজি আলোচনাত মিলিত হওঁ৷ বিগত নিৰ্বাচনত আমি চৰকাৰ গঠন কৰিব পাৰিম বুলি আশা কৰিছিলোঁ৷ কিন্তু আমি চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ৷ সেয়ে কংগ্ৰেছ কৰ্মীসকলৰ মনোবল হ্ৰাস পাইছে৷ সেয়া স্বাভাৱিক কথা৷ আমি কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিব লাগিব।’’
বিপিএফ সন্দৰ্ভত ৰিপুণ বৰাই কয় যে BPFৰ সন্দৰ্ভত আমি কোৱা কথাখিনিক BPF–এ ভুলকৈ বুজিলে ৷ মই এতিয়া আৰু বিশেষ নকওঁ BPF সন্দৰ্ভত৷ সময়ত ক’ম।