உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অচিৰেই ভংগ হ'ব বদৰুদ্দিন আজমলৰ AIUDF দল ! এই দাবী APPCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ...

    অচিৰেই ভংগ হ'ব বদৰুদ্দিন আজমলৰ AIUDF দল ! এই দাবী APPCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ...

    বেছি দিন নাই আৰু! বদৰুদ্দিন আজমলৰ, AIUDFক অতি সোনকালে ভংগ কৰি দিব ব্যৱসায়ী আজমলে ৷ এই দাবী কৰিছে বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

    • Share this:
    বেছি দিন নাই আৰু! বদৰুদ্দিন আজমলৰ, AIUDFক অতি সোনকালে ভংগ কৰি দিব ব্যৱসায়ী আজমলে ৷ এই দাবী কৰিছে বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

    মহাজোঁটৰ পৰা কংগ্ৰেছে আঁতৰাই পঠিওৱাৰ পিছত বেয়া দিন যেন আৰম্ভ হৈ গ'ল বদৰুদ্দিন আজমলৰ AIUDFৰ ৷ বহু কাকূতি-মিনতি কৰিও কংগ্ৰেছৰ সৈতে মিত্ৰতাত থাকিবলৈ সক্ষম নহ'ল AIUDF ৷ ইয়াৰ পিছতে শাসকীয় BJPয়ে AIUDFৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক হাইজেক কৰি নি দলীয় টিকটৰে পুনৰ জিকাই আনিলে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইক আনি BJPয়ে দলীয় টিকটত দিছপুৰলৈ আনিলে ৷ বিৰোধী কংগ্ৰেছ-AIUDFৰ পৰা বিধায়ক আনি নিজৰ গা শক্তিশালী কৰা BJPয়ে পুনৰ বিৰোধী শিৱিৰৰ পৰা বিধায়ক আনিব নেকি?

    এনে সময়তে কংগ্ৰেছে তুলিলে এক ভয়ংকৰ দাবী ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ক'লে- “বেয়া দিন চলিছে বদৰুদ্দিন আজমলৰ AIUDFৰ ৷ সোনকালে ভংগ কৰি দিব AIUDFক ৷”

    জাকিৰ হুছেইন শিকদাৰৰ দাবী- “এতিয়া ব্যৱসায় কৰাৰ সময় আজমলৰ ৷ ব্যৱসায়ী আজমলে সঠিক সময়ত সঠিক সিদ্ধান্ত লয় ৷”

    উল্লেখযোগ্য যে বৰ্ষীয়ান কংগ্ৰেছী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী  ভূমিধৰ বৰ্মনেও আজমলৰ AIUDFক এসময়ৰ UMFAৰ দৰে ধূলিসাৎ হ'ব বুলি ইতিমধ্যে বহুবাৰ ভৱিষ্যতবাণী কৰিছিল ৷
    Published by:Kokil Sarma
    First published: