আকৌ গৰম হৈ উঠিছে কংগ্ৰেছ আৰু AIUDFৰ মাজৰ মিত্ৰতা কেন্দ্ৰিক সংঘাত । AIUDFক বিশ্বাস কৰিব নোৱাৰি আৰু AIUDFৰে কোনো লেনদেন নাই বুলি AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে দাবী কৰাৰ পিচত সৰৱ হৈ উঠিল AIUDF ৷ লগতে কটাক্ষ কৰিবলৈ নেৰিলে শাসকীয় BJPয়ে ৷
বদৰুদ্দিন আজমলৰ দল AIUDFৰ সৈতে কোনো লেনদেন নাই কংগ্ৰেছৰ ৷ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে কেইবালানিও বৈঠকত মিলিত হৈ সদৰী কৰিছিল AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ৷
ইয়াৰ পিছতে আজি জীতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ বাবেই অসমত কংগ্ৰেছ ডুবিছে বুলি দাবী কৰিলে AIUDFৰ জেষ্ঠ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ৷ জীতেন্দ্ৰ সিঙক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলিও দাবী কৰিলে বিধায়ক ৰফিকুল ইছলামে ৷
বহি নাথাকিল AIUDFৰ সাধাৰণ সম্পাদক তথা বৰাকৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাও ৷ কৰিমউদ্দিনে ক'লে— “মিছা কথা কোৱাৰ ফেক্টৰী ভূপেন বৰা ৷ ভাৰত জোৰোত ৰাহুল গান্ধীৰ সৈতে আজমলে খোজ কাঢ়িব গৈছিল নেকি? AIUDFয়ে BJP বিৰুদ্ধে যুঁজিছে আৰু কংগ্ৰেছে AIUDFৰ বিৰুদ্ধে যুঁজিছে ৷ জীতেন্দ্ৰ সিঙে বহুত মিছা কথা কয় । বিশ্বাস ঘাটকতা কৰা এজন বিধায়কৰ বিৰুদ্ধেও ব্যৱস্থা নল'লে । ৰিপুন বৰাই জীতেন্দ্ৰ সিঙৰ বাবে কংগ্ৰেছ এৰিলে । এই জীতেন্দ্ৰ সিঙেই AIUDFক গালি পাৰিব আহে ৷ বিজেপিক সুবিধা কৰি দি আছে এইটো স্পষ্ট ৷”
AIUDFৰ বিধায়কৰ এই সমালোচনাৰ উত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ শিকদাৰে ক'লে- “ সৰ্বভাৰতীয় পৰ্যায়ৰ নামৰ দলটো কিয় অসমতে সীমাবদ্ধ হৈ আছে? আমাৰ পিছত কিয় লাগি আছে? নিজৰ কাম তেওঁলোকে নিজে কৰক ৷ আমি আমাৰ কাম কৰিম ৷”
ইপিনে দুই বিৰোধী দলৰ মাজত চলি থকা মিত্ৰতা কেন্দ্ৰিক সংঘাতৰ মাজতে শাসকীয় BJPৰ বিধায়ক পদ্ম হাজৰিকাই কটাক্ষ কৰিলে বিৰোধী দল দুটাক ৷ পদ্ম হাজৰিকাৰ দাবী— “দুয়োটা দলৰ মাজত এইবোৰ এনেয়ে লাগি আছে ৷ দুয়োটা দলৰ মাজত মিত্ৰতা হ'বই ৷ দেখুৱাই নহ'লেও গোপনে হ'লেও হ'ব ৷”
Published by: Kokil Sarma
FIRST PUBLISHED : January 09, 2023, 22:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।