শিলচৰ বিমান বন্দৰত শুকুৰবাৰে AIUDFৰ একাংশ কৰ্মী সমৰ্থকে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি। বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত শুনা গ’ল পাকিস্তান জিন্দাবাদ ধ্বনি। এনেদৰে দেশৰ ভিতৰতে একাংশই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিষয়টোৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। সিঙে কয় যে, ‘সমগ্ৰ বিষয়টো তদন্ত কৰিব লাগে। আমাৰ দেশৰ ভিতৰত পাকিস্তান জিন্দাবাদ চিঞৰাটো কোনেও সহ্য নকৰে ৷ আমি কোনো কাৰণতে সহ্য নকৰো।’
ইফালে কংগ্ৰেছ-AIUDFৰ সাম্ভাব্য মিত্ৰতাৰ সন্দৰ্ভত তত্ত্বাৱধায়ক জনে কয় যে, ‘ AIUDFৰে আমাৰ মিত্ৰতা এতিয়াও হোৱা নাই ৷ দলীয় ভাৱে কাৰো লগত মিত্ৰতা হোৱা নাই ৷ কোনোবাই মিত্ৰতা কৰিব বিচাৰিছে যদি সেয়া দলীয় নহয় ৷ সেয়া ব্যক্তিগতহে প্ৰচেষ্টাহে ৷’
সলনি হ’ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি?এই সন্দৰ্ভত জিতেন্দ্ৰ সিঙে কয় যে, ‘APCCৰ মূৰব্বী সলনিৰ বিষয়টো দলীয় আভ্যন্তৰীণ বিষয় ৷ সেয়া AICCৰ বিষয় ৷ ৰিপুণ বৰাই ভালকৈ কাম কৰিয়েই আছে ৷ আমাৰ দলৰ ভিতৰত অনুশাসন আছে। পৰিয়ালৰ মাজতেই মত পাৰ্থক্য থাকে ৷ কংগ্ৰেছ এটা বৃহৎ দল ৷ আমাৰ দুই এজন বিধায়ক মিডিয়াৰ ট্ৰে’পত পৰে আৰু কথা কয় ৷ মই বিধায়কক কৈ দিছো আৰু যেন এনেধৰণৰ কথা নকয়।’
সংবাদমেলত জিতেন্দ্ৰ সিঙে তীব্ৰ সমালোচনা কৰিলে বিজেপি চৰকাৰকঅসম কংগ্ৰেছৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ স্বাৰ্থত বৰ্তমান অসমত তথা নৱ নিযুক্ত তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। জিতেন্দ্ৰ সিঙে কয় যে,
- মোগল আৰু হিন্দু সভ্যতাৰ যুঁজ: এয়া বিজেপিৰ চিন ৷ বিজেপিয়ে আমাৰ মাজত বিভাজনৰ ৰাজনীতি কৰিব বিচাৰে ৷ আমি সেই বিভাজনৰ ৰাজনীতি কৰিব নিদিওঁ ৷ আমি ২১ৰ নিৰ্বাচনত জয়ী হম।
- মহাজোঁট বন্ধন: APCCৰ ক'ৰ কমিটীৰ বৈঠকত মিত্ৰতাৰ প্ৰস্তাৱ লোৱা হৈছে ৷ কিন্তু AICCয়েহে চূড়ান্ত ল'ব ৷ মিত্ৰতা হ'বনে নাই ৷
- অসমৰ মুখ্যমন্ত্ৰী কোন?- মুখ্যমন্ত্ৰীয়ে ভয়ে ভয়ে দুই-তিনি মিনিট সংবাদ মাধ্যমৰে মুখামুখি হয় ৷ লাউলস্পীকাৰৰ দৰে কাম কৰে আনজন মন্ত্ৰী(হিমন্ত)য়ে ৷ তৰুণ গগৈৰ দিনত এনেকুৱাতো হোৱা নাছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কোনো ছিৰিয়াছ ইচ্ছ্যুত সৰব নহয় ৷ কোনো ছিৰিয়াছ ইচ্ছ্যুত মাত নামাতে ৷ কেৱল এশ চীট পাম বুলি কয় ৷ আন এজন আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যি সময়ত সকলো ৰাজ্যত লক ডাউন সম্পৰ্কত মুখ্যমন্ত্ৰী সকলে ঘোষণা কৰে সেই সময়ত অসমত মুখ্যমন্ত্ৰী নিমাত ৷ হিমন্ত বিশ্বই সকলো ঘোষণা কৰে ৷ হিমন্ত কি ছুপাৰ CM?
- অসমৰ ৰাইজৰ আতিথ্যত মই সুখীঃ মই ৰাজস্থানৰ ৷ অসমৰে আমাৰ এটা সম্পৰ্ক আছে ৷ জ্যোতিপ্ৰসাদ আগৰৱালা এজন ভাল অসমীয়াই নহয়, সমগ্ৰ দেশৰে এজন ভাল ভাৰতীয় ৷ অসম মিনি ইণ্ডিয়া ৷ শ শ বছৰৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অসমত আহি মানুহ বসবাস কৰি আছে ৷ লক্ষ্মীনাথ বেজবৰুৱা, আব্দুল মালিক, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভা, জুবিন গাৰ্গ আদিৰ নামলৈ আমি গৌৰৱবোধ কৰো ৷ অসমৰ মান সন্মান ৰক্ষা কৰাত বাহিৰৰ পৰা আহি অসমীয়া হোৱা লোকসকলৰ অৰিহণা আছে ৷ বহুলোকে অসমত বিভাজনৰ ৰাজনীতি কৰিব বিচাৰে ৷ মা কামাখ্যাৰ এই দেশত বিভাজনৰ ৰাজনীতি নচলিব ৷ অহা নিৰ্বাচনত আমাৰেই চৰকাৰ হ'ব ৷ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি দুই এটা অসমীয়া কৈ অসমৰ মানুহৰ মন জয় কৰিব বিচাৰে ৷ অসমৰ বাবে কি কৰিলে তেওঁলোকে ৷ অসম চুক্তিৰ কি হ'ল ৷ বান সমস্যাৰ কি হ'ল?
- ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ কি হ'ল? চাৰি জনগোষ্ঠীক উন্নয়ন পৰিষদ দি ললিপপ দিছে এই চৰকাৰে ৷ কাগজ কল দুটা পৰি ৰ'ল ৷ নিবনুৱা সমস্যা সমাধান নহ'ল ৷ নতুনকৈ কিমান নিবনুৱা হ'ল?
জিতেন্দ্ৰ সিঙে লগতে কয় যে,‘ চৰকাৰে অসমত মাফিয়াৰ দৰে কাম কৰিছে ৷ সকলোতে মাফিয়া টেক্স লগাই ৰাখিছে ৷ বাহিৰৰ পৰা অহা সকলো সামগ্ৰীতে অসমত প্ৰৱেশ কৰিলেই মাফিয়া টেক্স লগায় ৷ মূল্যবৃদ্ধিয়ে কি ৰূপ ধাৰণ কৰিছে অসমত ৷ আলু-পিঁয়াজৰ দামে সৰ্বসাধাৰণ অৱস্থা বেয়া কৰি দিছে।’
‘আলু-পিঁয়াজৰ মালা পিন্ধি এসময়ত আন্দোলন কৰিছিল BJP নেতাই ৷ এতিয়া কি কৰিছে ৷ চাৰে চাৰি বছৰত মজা ল'লে টকা লুটি লুটি এই চৰকাৰে ৷ এতিয়া সকলো কাম ছয় মাহতে কৰিবলৈ উঠি পৰি লাগিছে।’
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 06, 2020, 15:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।